NEWS8 NE

ক’ভিডত আক্ৰান্ত হৈ ৰাজ্যত পুনৰ সাংবাদিকৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে নিতৌ বেয়া খবৰ কঢ়িয়াইছে ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌৱে।

ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগতে সংবাদ জগততাে শােকৰ সৃষ্টি কৰিছে ক’ভিডে।

ক’ভিড-১৯ৰ সংক্ৰমণত ৰাজ্যৰ আন এগৰাকী প্ৰবীণ সাংবাদিকৰ মৃত্যু।

ৰাজ্যৰ বিশিষ্ট সাংবাদিক শচীন বৰুৱাৰ দেহাৱসান।

জানিব পৰা মতে, শচীন বৰুৱা দ্যা হিন্দুস্তান টাইমছ নামৰ দেশৰ আগশাৰীৰ ইংৰাজী সংবাদ পত্ৰৰ প্ৰাক্তন সাংবাদিক।

বিগত কিছুদিন ধৰি ক’ভিডত আক্ৰান্ত হৈ থকা প্ৰবীণ সাংবাদিকগৰাকীয়ে বৃহস্পতিবাৰে শেষ নিস্বাস ত্যাগ কৰে।

Exit mobile version