NEWS8 NE

ক’ভিড-১৯ৰ নিৰ্মূলকৰণত ভাৰতে নিৰ্ণায়ক ভূমিকা লৈছেঃ বিশ্ব স্বাস্থ্য সংস্থা

ইন্টাৰনেশ্যনেল ডেস্ক। ক’ভিড-১৯ সংক্ৰান্তীয় যুদ্ধ জয়ৰ ক্ষেত্ৰত বিশ্বৰ অন্যান্য দেশ সমূহৰ ভিতৰত ভাৰত বহু আগত আছে। নতুন বছৰৰ আৰম্ভণিতে ক’ভিড ভেকচিন কভিশিল্ড আৰু কভেক্সিনে ভাৰতক কৰণাৰ সৈতে মোকাবিলা কৰাত আৰু সহায় কৰিছে।

মহামাৰীক ৰােধ কৰাৰ বাবে ভাৰতৰ এই বলিষ্ঠ পদক্ষেপত মুগ্ধ হৈছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)। মঙ্গলবাৰে পুৱাই বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেদ্ৰছ আডানাম গেব্ৰিয়াঁচে এই সন্দৰ্ভত টুইটাৰযোগে প্ৰশংসা কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

সঞ্চালক প্ৰধান জনে মোদীক টেগ কৰি লিখিছে – ‘ভাৰতে কৰণা নাশ কৰিবলৈ এবাৰতে নিষ্পত্তিমূলক ব্যৱস্থা লৈছে। আফ্ৰিকা আৰু ইউৰোপৰ লগতে ভাৰতে আজি বিশ্বৰ ভিতৰত কভিড ভেকচিন প্ৰস্তুত কৰি নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে। আমি এইটো নিশ্চিত কৰিব লাগিব যে সকলোৰে বাবে সুৰক্ষা হোৱা ভেকচিন ব্যৱহাৰ কৰিব পাৰো।’

ভাৰত আজি বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী দেশ। বিশেষকৈ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া। এই প্ৰতিষ্ঠানত বিশ্বৰ কেইবাটাও ভেকচিন প্ৰস্তুতৰ অনুমোদন লাভ কৰিছে। লগতে দেশৰ ১৩০ কোটি জনতাক নিজা ভেকচিন দিবলৈও আগবাঢ়িছে।

উল্লেখ্য যে আগন্তুক কেইদিনমানৰ ভিতৰতে দেশৰ জনতাক ভেকচিন প্ৰদানৰ কাম আৰম্ভ হ’ব। প্ৰথমতে চিকিৎসাকৰ্মী সকলক দিয়া হব এই ঘৰুৱা ভেকচিন। তাৰ পাছতহে প্ৰদান কৰা হ’ব সাধাৰণ জনতাক। আগন্তুক ৬-৮ মাহৰ ভিতৰত দেশৰ সকলো জনসাধাৰনে এই ভেকচিন লাভ কৰাৰ আশা প্ৰকাশ কৰা হৈছে।

লগতে চাওকঃ

মানৱীয় প্ৰমূল্যবোধৰ চূড়ান্ত পতন! সাপৰ মুখত ব্যৱহৃত কণ্ডম

ক’ভিড-১৯ৰ প্ৰতিষেধক নলয় যোগগুৰু বাবা ৰামদেৱে!

খেয়ালি প্ৰকৃতি! ডিমা হাছাওত তুষাৰপাত আৰম্ভ

মৰ্মান্তিক! দুৰ্ঘটনাত যোৰহাটৰ একেটা পৰিয়ালৰ দুজনসহ মুঠ ৪জনৰ মৃত্যু

Exit mobile version