Site icon NEWS8 NE

চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল এক বিশেষ পূজা !

নিউজ ডেস্ক। জনসাধাৰণৰ বিভিন্ন জ্বলন্ত সমস্যাক লৈ কেতিয়াবা চৰকাৰ-প্ৰশাসনৰ উদাসীনতা ভংগ কৰিবলৈ ব্যতিক্ৰম ধৰণে প্ৰতিবাদ কৰে একাংশ লােকে।

বিশেষকৈ জৰাজীৰ্ণ বাট-পথৰ মেৰামতিৰ বাবে বিভিন্ন দল-সংগঠননেও লৈ প্ৰতিবাদী কাৰ্যসূচী।

কেতিয়াবা জলমগ্ন পথত মাছ ধৰি, আন কেতিয়াবা পথ অৱৰােধ কৰিও চৰকাৰ-প্ৰশাসনৰ সেই সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণৰ চেষ্টা চলায় বহুজনে।

অনুৰূপ ধৰণে কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুতাে পথৰ গাঁতৰ মেৰামতিৰ দাবীৰে অনুষ্ঠিত হ’ল ব্যতিক্ৰমী প্ৰতিবাদ।

প্ৰশাসনৰ দৃষ্টি আকৰ্ষণৰ বাবে চহৰখনৰ একাংশ বাসিন্দাই মঙলবাৰে এক অনন্য পূজা সম্পন্ন কৰে।

পথৰ গাঁতৰ সন্মুখত পুৰোহিতৰ জৰিয়তে মাংগলিক বিধিৰে পূজা কৰে পথৰ ওপৰত থকা এটা বৃহৎ গাঁতৰ।

লগতে প্ৰাৰ্থনা কৰে যাতে সেই গাঁতে যাতে কোনো লােকৰে অকালতে প্ৰাণ কাঢ়ি নিনিয়ে বা কাকো আঘাত নকৰে।

জানিব পৰা মতে, চাৰ্লচ কেম্পবেল ৰোডৰ ভাৰতীনগৰ ৰেচিডেণ্টচ ফ’ৰামে মঙলবাৰে এই বিশেষ যজ্ঞ আৰু পূজা কৰিছিল।

উল্লেখ্য যে শেহতীয়াভাৱে চহৰখনত হােৱা প্ৰবল বৃষ্টিপাতৰ বাবে বাট-পথৰ অৱস্থা অতি জৰাজীৰ্ণ হৈ পৰিছে।

মঞ্চৰ সভাপতি এন এছ ৰবিয়ে জনােৱা মতে, উক্ত স্থানত ১০০ তকৈও অধিক গাঁত আছে আৰু মানুহৰ বাবে যাতায়ত কৰাটো সঁচাকৈয়ে কঠিন হৈ পৰিছে। অতিবৃষ্টিৰ বাবে পৰিস্থিতি অধিক শােচনীয় হৈ পৰিছে। কিন্তু ইয়া পাছতাে প্ৰশাসনৰ কােনাে কাণসাৰ নাই।

সেয়ে আৱাসীসকলে মঙলবাৰে ৰাতিপুৱা ৰাস্তাত গাঁতত মালা পিন্ধাই, ধূপ কাঠি জ্বলাই আৰু ৰীতি-নীতি পালন কৰি পূজা কৰে। এই পূজাৰ এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Exit mobile version