Site icon NEWS8 NE

টকিঅ’ পাৰা অলিম্পিকলৈ লেণ্ড মাইন বিস্ফােৰণত এখন ভৰি হেৰুওৱা শ্বিলঙৰ সৈনিক

নিউজ ডেস্ক। বৰ্তমান টকিঅ’ত অব্যাহত আছে অলিম্পিক গেমছ্।

ৰূপৰ পদক লাভেৰে দেশ তথা উত্তৰ পূৰ্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিছে মণিপুৰৰ মীৰাবাই চানুৱে।

লাভলীনা বৰগোহাঁইয়েও বক্সিঙত পদক নিশ্চিত কৰিলে শুকুৰবাৰে। আৰু তাৰ মাজতেই আহিছে আন এক সুখবৰ।

সেইয়া হ’ল ভাৰতীয় সেনা জোৱান হাভালদাৰ সোমন ৰাণাই টকিঅ’ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে অৰ্জন কৰিছে যোগ্যতা।

তেওঁ শ্বট পুটৰ বাবে যোগ্যতা অৰ্জন কৰে।

লেণ্ড মাইন বিস্ফোৰণত সোঁ ভৰি হেৰুওৱা ৰাণাই এফ-৫৭ শাখাত পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।

ৰাণা হৈছে বৰ্তমান তেওঁৰ শাখাত বিশ্বৰ দ্বিতীয় স্থানত থকা শ্বট-পুট পেৰা-এথলীট।

২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হবলগীয়া টকিঅ’ পেৰালিম্পিকত তেওঁ অংশ ল’ব।

উল্লেখ্য যে ৰাণাৰ ঘৰ শ্বিলঙত। তেওঁ ২০০৬ চনত সেনাত কৰ্তব্যৰত অৱস্থাত নিজৰ সোঁ ভৰিখন হেৰুৱাইছিল।

লেণ্ডমাইন বিস্ফোৰণত ভৰি হেৰুওৱাৰ পিছত ৰাণাই ২০১৭ চনত পুনেত সেনাৰ পেৰালিম্পিক নোডত যোগদান কৰিছিল। য’ত তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

তাৰ পিছতেই তেওঁ নিজকে এজন উন্নত পেৰা-এথলীট হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। তেওঁ বিগত সময়ত সমগ্ৰ বিশ্বতে ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।

Exit mobile version