Site icon NEWS8 NE

দৰমহা নহয়, লােকসেৱাৰ জৰিয়তে জীৱন সাৰ্থক কৰিবলৈ অৱতীৰ্ণ হ’লাে UPSC পৰীক্ষাতঃ হাচানুজ্জামান

নিউজ ডেস্ক। শুকুৰবাৰে ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হল অসমৰ এজন যুৱক। বৰাক উপত্যকাৰ হাইলাকান্দিৰ যুৱক আহমেদ হাচানুজ্জামান চৌধুৰী উত্তীৰ্ণ হল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত।

তেওঁ লাভ কৰিবলৈ সক্ষম ২৮৩ সংখ্যক স্থান। তেওঁৰ এই সফলতাই আনন্দৰ বন্যা কঢ়িয়াই আনিছে সমগ্ৰ বৰাকবাসীলৈ। চৌধুৰী জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জনিয়াৰিঙ বিভাগৰ স্নাতক।

চৌধুৰীয়ে ২০১২ চনত গুৱাহাটীৰ নেচনেল পাব্লিক স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়। ইয়াৰ পিছতেই তেওঁ ২০১৭ চনত বি.টেক শিক্ষা সমাপ্ত কৰে।

নিজৰ সফলতাৰ পিছত চৌধুৰীয়ে কয়, “মোৰ একমাত্ৰ লক্ষ্য আছিল লোকসেৱা। মই বহুতো চাকৰিৰ অফাৰ পোৱাৰ পিছতো কতোৱেই যোগদান কৰা নাছিলো। বহুতো লোভনীয় দৰমহাৰ চাকৰিৰ অফাৰ পাইয়ো মই কতো যোৱা নাছিলো। য’ত লোকসেৱাৰ বিষয়াতকৈ দৰমহা বহু বেছি। বিদেশৰ সংস্থাইয়ো মোক আমন্ত্ৰণ জনাইছিল। কিন্তু সেই সমূহৰ প্ৰতি মই বিচলিত হোৱা নাছিলো। মই সুদৃঢ়ভাৱে ভাবিছিলো যে ব্যক্তিগত প্ৰতিষ্ঠানত যোগদান কৰাৰ পিছত মই মোৰ লক্ষ্যত উপনীত হ’ব নোৱাৰিম। মোৰ মতে জীৱনৰ অৰ্থ লোকসেৱাত অন্তৰ্নিহিত হৈ আছে। যিটো মই লোকসেৱাত যোগদান কৰাৰ পিছতহে কৰি দেখুৱাব পাৰো। সেয়েহে মই ইয়াৰ বাবে অবিৰত প্ৰস্তুতি অব্যাহত ৰাখিছিলো।”

তেওঁ লগতে কয়, “মই তৃতীয়বাৰতহে সফলতা লাভ কৰিছো। মোৰ লগত মোৰ পৰিয়ালৰ সহযোগিতা আছিল। সাধাৰণতে দুবাৰ বিফল হোৱাৰ পিছত বহুতৰে পৰিয়ালে আশা হেৰুৱাই। কিন্তু মোৰ পৰিয়াল তাৰ ব্যতিক্ৰম আছিল। মোৰ পৰিয়াল, পিতৃ-মাতৃয়ে মোক সদায় সহযোগ কৰিছিল। মোৰ ককা, যি এজন অৱসৰপ্ৰাপ্ত বিচাৰপতি, তেওঁ মোৰ প্ৰস্তুতিত যথেষ্ট সহায় কৰিছিল।”

উল্লেখ্য যে তেওঁৰ পিতৃ এজন অসম শক্তি উন্নয়ন নিগমৰ অৱসৰপ্ৰাপ্ত মুখ্য মহাপ্ৰবন্ধক আছিল। তেওঁ ঘৰৰ তিনি সন্তানৰ কণিষ্ঠতম সন্তান আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক। আৰু আন গৰাকী ভগ্নী হাইদৰাবাদত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত।

তেওঁ স্ব-শিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। এনচিইআৰটিৰ পাঠ্যপুথিক তেওঁ অত্যাধিক গুৰুত্ব দিছিল আৰু দ্য হিন্দু আৰু ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ ওপৰত অত্যধিক গুৰুত্ব দিছিল। তেওঁ বিকল্প বিষয় হিচাপে বাছি লৈছিল ৰাজনীতি বিজ্ঞান বিষয়।

তাৰ বাবে তেওঁ দূৰ শিক্ষা প্ৰতিষ্ঠান IGNOU ত ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে। যিয়ে তেওঁক যথেষ্ট সহায় কৰিছিল। তেওঁৰ ইচ্ছা প্ৰশাসনিক সেৱাৰ বিষয়া হোৱা। কিন্তু সকলো সেৱাই সমান বুলি তেওঁ ভাৱে। সেয়েহে এবাৰ তেওঁ লোকসেৱাত যোগদান কৰিলেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও কয়।

Exit mobile version