NEWS8 NE

নিজে কৃত্ৰিম অক্সিজেন লৈ জীয়াই থাকিও আনক যােগান ধৰিছে প্ৰাণবায়ু!

নিউজ ডেস্ক। দেশৰ জটিল ক’ভিড জনিত পৰিস্থিতিৰ মাজতে ভয়াৱহ ৰূপত দেখা দিছে অক্সিজেনৰ নাটনিয়ে।

একাংশ লােকে ক’ভিডক ৰােগীক অক্সিজেন যােগান ধৰাৰ নামত নামি পৰিছে ক’লা ব্যৱসায়ত।

তেনে সময়তে নিজে কৃত্ৰিম অক্সিজেন লৈ জীয়াই থকা এজন গাড়ী চালক অহৰ্নিশে ব্যস্ত আনক প্ৰাণবায়ু অক্সিজেন যােগান ধৰাৰ কামত।

ছবিখনত দেখা পোৱা এই লােকজনৰ নাম মঞ্জুৰ আহমেদ। বয়স ৪৫ বছৰ।

উল্লেখ্য যে মঞ্জুৰ আহমেদ এজন হাপানীৰ ৰোগী। দীৰ্ঘদিন নিজে কৃত্ৰিম অক্সিজেনৰ সহায়ত জীয়াই আছে মঞ্জুৰ।

ইয়াৰ মাজতে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে তথা নিজৰ চিকিৎসাৰ ব্যয় পূৰাবলৈ তেওঁ এখন মিনি ট্ৰাক চলায়।

চালকৰ চকীখনৰ কাষত আসনখনত বহে মঞ্জুৰৰ পুত্ৰ। পুত্ৰই হাতত ধৰি ৰাখে এটা অক্সিজেন চিলিণ্ডাৰ আছে।

এনে পৰিস্থিতিৰ মাজতে পিতা-পুত্ৰই ৰোগীসকলক অক্সিজেন চিলিণ্ডাৰ যােগান ধৰি আছে।

মঞ্জুৰৰ মতে, তেওঁক নিজে এমাহত ৩੦ ৰ পৰা ৪੦ টা অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হয়।

ইয়াৰ মূল্য চাৰে তিনি হাজাৰ টকা। মঞ্জুৰ জম্মু-কাশ্মীৰৰ বুদগাম জিলাৰ বাসিন্দা। দুটা পুত্ৰ আৰু এজনী ছোৱালীৰ পিতৃ।

সাম্প্ৰতিক ক’ভিডৰ জটিল পৰিস্থিতিত কিয় কাম কৰি আছে বুলি সোধাত প্ৰশ্ন সন্দৰ্ভত মঞ্জুৰে কয়, ‘মই বিচাৰো যে মোৰ একমাত্ৰ ছোৱালীয়ে ভাল শিক্ষা লাভ কৰক। মোৰ ল’ৰাবোৰ ভাল মানুহ হওঁক। সেইকাৰণে মই কাম কৰি আছো। মই ভাগৰুৱা নহওঁ।’

উল্লেখ্য যে জম্মু আৰু কাশ্মীৰত ১৫ মে’লৈকে লকডাউন বলৱৎ আছে।

লগতে চাওকঃ

নিজে ক’ভিড ৰােগী হৈও আক্ৰান্ত গৰ্ভৱতী ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে এম্বুলেঞ্চ চলাই গ’ল ভাতৃয়ে

বহিঃৰাজ্যত ক’ভিড-১৯ত আক্ৰান্ত হৈ অসমৰ লেখিকাৰ মৃত্যু

Exit mobile version