NEWS8 NE

বিশিষ্ট শিক্ষাবিদ-বিজ্ঞানী ডঃ ধীৰাজ বৰাৰ আকস্মিক দেহাৱসান

নিউজ ডেস্ক। প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ অধ্যাপক ধীৰাজ বৰাৰ মৃত্যু।

তেওঁ গুৱাহাটীৰ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু গুজৰাটৰ প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আছিল।

শনিবাৰে দিনৰ ১১.৩੦ মান বজাত ৬৯ বছৰ বসয়ত তেওঁ শেষ নিস্বাস ত্যাগ কৰে। গুজৰাটৰ আহমেদাবাদত হাৰ্ট এটেকত তেওঁৰ মৃত্যু ঘটে।

উল্লেখ্য যে কিছুদিন পূৰ্বে তেওঁ গুৱাহাটীৰ পৰা আহমেদাবাদৰ ঘৰলৈ গৈছিল।

১৯৫১ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা অধ্যাপক ডঃ বৰাই ১৯৭৫ চনতে মস্কোৰপৰা এক্সপেৰিমেণ্টেল ফিজিক্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত গুজৰাটৰ আহমেদাবাদৰ ফিজিকেল পিছাৰ্চ লেব’ৰেটৰীৰ পৰা ১৯৭৯ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল।

ফিজিকেল ৰিছাৰ্চ লেব’ৰেটৰীতে কৰ্ম জীৱন আৰম্ভ কৰা ডঃ বৰাই প্লাজমা ফিজিক্স আৰু ফিউজন বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰখনত বহু অতুলনীয় অৱদান আগবঢ়াইছিল। পৰৱৰ্তী সময়ত আই টি ই আৰ ইণ্ডিয়াৰ মুখ্য বিজ্ঞানী হিচাপে অধিষ্ঠিত হোৱা অধ্যাপক বৰাই পাছলৈ প্ৰতিষ্ঠানটোৰ উপ-সঞ্চালকপ্ৰধান আৰু সঞ্চালকৰ পদো অলংকৃত কৰিছিল।

গান্ধীনগৰৰ ইনষ্টিটিউট অব প্লাজমা ৰিছাৰ্চৰ অধ্যাপক আৰু প্ৰজেক্ট মুৰব্বী হিচাপেও কৰ্ম সম্পাদন কৰা ডঃ বৰা আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ প্ৰজেক্ট মেনেজাৰো আছিল।

জাৰ্মানীৰ ইনষ্টিটিউট ফৰ প্লাজমা ফিজিক্সৰ অতিথি বিজ্ঞানী হিচাপেও এসময়ত কৰ্তব্য সম্পাদন কৰা ডঃ বৰাই আমেৰিকাৰ অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ ফিউজিন ৰিছাৰ্চ চেণ্টাৰতো ভিজিটিং বিজ্ঞানী হিচাপে কাম কৰিছিল।

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত দুশৰো অধিক প্ৰবন্ধ লিখা অধ্যাপক ডঃ বৰাই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত বহুবাৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল।

তেওঁ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বহু বৰঙণি আগবঢ়াইছিল। তেওঁ আকস্মিক মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে অসমৰ ৰাজ্যপাল প্ৰােঃ জগদীশ মুখী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই।

ৰাজ্যপাল প্ৰােঃ জগদীশ মুখীয়ে টুইটাৰত কয় যে প্ৰয়াত বৰা এজন শিক্ষাবিদ হিচাপে অসমত উচ্চ আৰু কাৰিকৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল।

তেওঁৰ অকাল প্ৰস্থান ৰাজ্য আৰু দেশৰ বাবে এক ডাঙৰ ক্ষতি।

লগতে চাওকঃ

মৰ্মান্তিক! ক’ভিড-১৯ত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা চিকিৎসকে

Exit mobile version