Site icon NEWS8 NE

মৰ্মান্তিক! উদ্ধাৰ অভিযানৰ সময়ত হােৱা ভূমিস্খলনত শ্বহীদ বি আৰ অ’ৰ ২ বিষয়া

নিউজ ডেস্ক। ভূমিস্খলনত বন্ধ হৈ পৰা পথ মুকলি কৰাৰ সময়ত পুনৰ সংঘটিত ভূমিস্খলনৰ ঘটনাত শ্বহীদ হ’ল সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ’ৰ দুজনকৈ বিষয়া।

হিমাচল প্ৰদেশত দুটা পৃথক পৃথক ভূমিস্খলনত শ্বহীদ হয় বিষয়া দুজন।

ইয়াৰে প্ৰথম ঘটনা সংঘটিত হয় যােৱা ৩੦ জুলাইত ৰাজ্যখনৰ মানালী-চৰচু পথত।

ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা উক্ত পথছােৱাৰ এটা অংশত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে হঠাতে সংঘটিত ভূমিস্খলনৰ ফলত মৃত্যু ঘটে সীমান্ত পথ সংস্থাত কৰ্মৰত ভাৰতীয় সেনাৰ নায়ক ৰিতেশ কুমাৰ পালৰ।

জানিব পৰা মতে, ভূস্খলনৰ পাছত উক্ত পথছােৱাত আবদ্ধ হৈ লােকসকলৰ বাবে পথছােৱা পুনৰ মুকলি কৰি দিয়াৰ কামত ব্যস্ত আছিল ৰিতেশ কুমাৰ।

ৰিতেশ কুমাৰ পাল নামৰ বিষয়াজনৰ ঘৰ উত্তৰ প্ৰদেশৰ জনপদ প্ৰতাপগড়ত বুলি জানিব পৰা গৈছে।

আন এটা ঘটনাত ৰাজ্যখনত কিলৰ -তান্ডী পথছােৱাত উদ্ধাৰ অভিযান চলাই থকাৰ সময়ত হােৱা ভূমিস্খলনৰ ফলত ৰাহুল কুমাৰ নামৰ সীমান্ত পথ সংস্থাৰ এগৰাকী কনিষ্ঠ অভিযন্তাৰ মৃত্যু হয়।

এই দুৰ্ঘটনাৰ পূৰ্বে অভিযন্তগৰাকীয়ে দুটা স্থানত বন্ধ হৈ থকা পথ মুকলি কৰিছিল।

দুজনকৈ বিষয়া এনেদৰে ভূমিস্খলনত শ্বহীদ হােৱা ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে সীমান্ত পথ সংস্থাই।

ইপিনে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যােগী আদিত্যনাথেও এই ঘটনাত শােক প্ৰকাশ কৰাৰ লগতে শ্বহীদ ৰিতেশ কুমাৰ পালৰ পৰিয়াললৈ নগদ ৫੦ লাখ টকাৰ সাহায্য প্ৰদানৰ ঘােষণা কৰিছে।

লগতে পৰিয়ালৰ এজনক চৰকাৰী চাকৰি প্ৰদানৰ লগতে পথৰ নামকৰণ শ্বহীদ জােৱানজনৰ নামত কৰাৰ ঘােষণা কৰিছে।

উল্লেখ্য যে ৰাজ্যখনত অব্যাহত আছে বৰষুণ আৰু বান।

বহু স্থানত হঠাতে অহা বৰষুণে সৃষ্টি কৰা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে বহু লোকৰ প্ৰাণ লৈছে।

Exit mobile version