Site icon NEWS8 NE

মৰ্মান্তিক! ওপজা দিনতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পাৰ্থ প্ৰতিমৰ

এক শােকাৱহ পথ দুৰ্ঘটনা। নিজৰ ওপজা দিনতে ইহ সংসাৰৰ পৰা বিদায় ল’লে এজন উদীয়মান যুৱকে।

এই ঘটনাৰ স্থান কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত ডোৰাকঁহৰা।

জানিব পৰা মতে, মংগলবাৰে পুৱাই সংঘটিত হয় এই পথ দুৰ্ঘটনা।

দুৰ্ভগীয়া যুৱকজন হ’ল পচৰীয়াৰ অমামী কোম্পানীত কৰ্মৰত পাৰ্থপ্ৰতিম চহৰীয়া (২৯)।

যুৱকজন বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী গাঁও বেলকোনাৰ ডিম্বেশ্বৰ চহৰীয়া আৰু বাসুমতী চহৰীয়াৰ পুত্ৰ।

জানিব পৰা মতে, পাৰ্থপ্ৰতিমে পুৱাই ঘৰৰ পৰা কৰ্মস্থানলৈ বুলি মটৰ চাইকেলখনেৰে (এ এছ ২৫ এম-৫৩৬২) আহি থকা অৱস্থাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডোৰাকঁহৰাৰ মদন ধাবাৰ সন্মুখত এখন কণ্টেইনাৰ বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হয়।

একে দিশেৰে আহি থকা কণ্টেইনাৰখনে (এইচ আৰ ৫৫ এ এইচ-০২৬১) হঠাৎ ইউ টাৰ্ন ল’বলৈ ধৰোঁতেই বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনত খুন্দা মাৰে।

গুৰুতৰভাৱে আহত যুৱকজনক ততালিকে চাংসাৰিস্থিত সেনা বাহিনীয়ে নাৰায়ণা হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

চালক ভুলৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে অৱগত কৰিছে।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা কণ্টেইনাৰখন আৰক্ষীয়ে জব্দ কৰিছে যদিও চালকজনে পলায়ন কৰে।

লগতে চাওকঃ

অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৫ নম্বৰ অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ

Exit mobile version