Site icon NEWS8 NE

শ্বেৰৱানী পিন্ধি কইনাই ঘোঁৰাত উঠি গ’ল দৰাৰ ঘৰলৈ!

নিউজ ডেস্ক। সাধাৰণতে সমসাময়িক ভাৰতীয় বিবাহৰ পৰম্পৰা অনুসৰি দৰাই নিজৰ পৰম্পৰাগত পোছাক পিন্ধি বৰযাত্ৰী সহ উপস্থিত হয় কইনাৰ ঘৰত।

কিন্তু এইবাৰ দেখিবলৈ পোৱা গ’ল এখন ব্যতিক্ৰম বিবাহ। য’ত কইনাই দৰাৰ সাজ পিন্ধি ঘোঁৰাৰ ওপৰত উঠি যোৱা দেখা গ’ল।

অৰ্থাৎ কইনাই শ্বেৰৱানী, পাগদি পিন্ধি তেওঁৰ বিয়াত ঘোঁৰা চলাই সেই পৰম্পৰা সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে।

এই অতি ব্যতিক্ৰম ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ চিকাৰ জিলাৰ ৰানোলী গাঁৱত। য’ত গাওঁখনৰ মানুহে বিবাহপূৰ্ব ৰীতি-নীতি ‘বান্দোৰী’ৰ উপলক্ষে ঘোঁৰাত উঠি থকা এগৰাকী কইনাক প্ৰত্যক্ষ কৰিছিল।

সেই কইনাগৰাকীৰ নাম হ’ল কৃতিকা চাইনী।

বিয়াৰ পূৰ্বে তেওঁৰ পৰিয়ালে তেওঁক দৰাৰ দৰে বান্দোৰী ৰীতি-নীতি কৰিবলৈ বাধ্য কৰিছিল। বিশেষকৈ লিংগ সমতাৰ বাৰ্তা প্ৰদান কৰিবলৈ তেওঁ এই কাৰ্য কৰা বুলি জানিব পৰা যায়।

পৰিয়ালটোৱে জনাব বিচাৰিছিল যে কেতিয়াও কন্যা আৰু পুত্ৰৰ মাজত পাৰ্থক্য আনিব নালাগে আৰু তেওঁলোকক সমান সুযোগ প্ৰদান কৰিব লাগে।

প্ৰতিবেদন অনুসৰি, কৃতিকাৰ বান্দোৰীক সোমবাৰে নিশা চিকাৰত উলিয়াই অনা হৈছিল। পৰম্পৰা ভংগ কৰি কৃতিকাই দৰাৰ দৰে শ্বেৰৱানী আৰু পাগদি পিন্ধি ঘোঁৰাত উঠিছিল।

এই গোটেই ঘটনাটোৰ আটাইতকৈ ভাল কথাটো হ’ল যে কইনাই নিজৰ হাতেৰে শ্বেৰৱানী তৈয়াৰ কৰিছিল।

কইনাৰ পিতৃ মহাবীৰ চাইনীয়ে এই সন্দৰ্ভত কৈছিল যে, তেওঁ তেওঁৰ কন্যাক পুত্ৰৰ দৰে ডাঙৰ-দীঘল কৰিছে। তেওঁ সদায় তেওঁৰ কন্যাৰ বিয়াৰ শোভাযাত্ৰা উলিয়াব বিচাৰিছিল, ঠিক পুত্ৰৰ দৰে।

তেওঁ এইটোও কৈছিল যে দৰাই তেওঁলোকৰ বাগদান অনুষ্ঠানৰ সময়ত ১ লাখ টকা ‘সগুন’ পৰিমাণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিবাহৰ পূৰ্বৰ ৰীতি-নীতিৰ পিছত কৃতিকাই ১ ডিচেম্বৰত মনীষ চাইনীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

পিতৃয়ে লগতে কয় যে, কইনা আৰু দৰা দুয়ো সুশিক্ষিত আৰু যোগ্য। কৃতিকাই জয়পুৰৰ পৰা ফেশ্বন ডিজাইনিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে আৰু দৰা পেছাত এজন একাউণ্টেণ্ট।

কৃতিকাই স্কাউটত প্ৰায় ৭ বছৰ ধৰি সেৱা আগবঢ়াইছে, যাৰ বাবে তেওঁ ৰাজ্য আৰু জিলা পৰ্যায়ত বহুতো বঁটা লাভ কৰিছিল। কৃতিকা পৰিয়ালৰ আটাইতকৈ কনিষ্ঠ, তেওঁৰ তিনিগৰাকী ভগ্নী আৰু দুজন ভাতৃ আছে।

Exit mobile version