Site icon NEWS8 NE

সংখ্যাগৰিষ্ঠ আসনেৰে শাসনলৈ আহিলে ৫ মিনিটতে পাব ILP! মেঘালয়ৰ বিজেপি মন্ত্ৰীৰ দাবী

নিউজ ডেস্ক। বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বলৱৎ হৈ আছে আন্তঃৰাজ্যিক পাৰপত্ৰ (ILP) ব্যৱস্থা।

অসম প্ৰতিবেশী ৰাজ্য মেঘালয়তাে এই ব্যৱস্থা প্ৰচলনৰ বাবে বিভিন্ন দল, সংগঠন, জনসাধাৰণে চৰকাৰক দাবী জনাই আহিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মেঘালয় ভ্ৰমণৰ সময়ছােৱাত পুনৰবাৰ ৰাজ্যখনত ILP বলৱৎ কৰাৰ দাবীৰে তীব্ৰতৰ হৈছে দাবী।

কেন্দ্ৰীয় চৰকাৰক আন্তঃ সীমা পাৰপত্ৰ প্ৰদানৰ বাবে দাবী কৰি আহিছে ৰাজ্যৰ চৰকাৰেও।

ৰাজ্য চৰকাৰেও বিধানসভাত এই সন্দৰ্ভত এক বিধেয়ক গৃহীত কৰিছে।

তথাপিও এই বিষয় এতিয়াও নিশ্চিত কৰা নাই কেন্দ্ৰীয় চৰকাৰে। কিন্তু এইবাৰ এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে মেঘালয়ৰ এজন বিজেপি বিধায়ক তথা কেবিনেট মন্ত্ৰীয়ে। তেওঁ হল কেবিনেট মন্ত্ৰী চানবোৰ শুল্লাই।

তেওঁ কয় যে, “মেঘালয়ে ৫ মিনিটত আন্তঃ সীমা পাৰপত্ৰ লাভ কৰিব, যদিহে আগন্তুক ২০২৩ ৰ বিধানসভা নিৰ্বাচনত সম্পূৰ্ণ ৰূপত বিজেপি চৰকাৰ ক্ষমতালৈ আহে।”

শুকুৰবাৰে তেওঁ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰি লগতে কয় যে, “বিজেপি শাসন থকা উত্তৰ পূৱৰ আন ৰাজ্যসমূহে বিভিন্ন আঁচনিৰ উপৰিও যথেষ্ট সুবিধা লাভ কৰি আছে। সেয়েহে বিজেপিয়ে ২০২৩ ৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ চেষ্টা কৰিছে। সেয়েহে জনসাধাৰণে বিজেপি বিৰোধী ৰাজনৈতিক কথা বতৰা শুনিব নালাগে।”

তিনিবাৰৰ বিধায়ক জনে কয় যে, “আপুনি নিজৰ পেটৰ কথা ভাবক আৰু জনসাধাৰণে মনত ৰাখিব লাগে যে সকলোৱে পদুম ফুল ভালপায়। সেয়েহে আগন্তুক নিৰ্বাচনত সকলোৱে পদুম ফুলৰ বুটাম টিপিব লাগে। যদি তেওঁলোকে বিজেপিক অন্তত ৩৩ খন আসন দিয়ে, তেন্তে আমি আমাৰ চৰকাৰ গঠন কৰিম। তেতিয়া দেখিব যে মেঘালয়লৈ গাখীৰ আৰু মৌ আহিবলৈ আৰম্ভ কৰিব আৰু মেঘালয়ৰ পৰিৱৰ্তন হ’ব।”

তেওঁ আৰু কয়, “৯০% খ্ৰীষ্টান লোক থকা সত্ত্বেও আমাৰ ১৩ জন বিধায়ক বিজয়ী হৈছিল। উপ মুখ্যমন্ত্ৰী আমাৰেই। আমাৰ ডেকাসকলে নাগালেণ্ডৰ উদাহৰণ লব লাগে। মেঘালয়ে নাগালেণ্ডৰ পৰা কিবা শিকিব লাগে। য’ত চৰকাৰে গাঁও অঞ্চলতো যথেষ্ট পৰিমাণে আঁচনি দিছে।”

উল্লেখ্য যে কেবিনেট মন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই তেঁওৰ বিৰুদ্ধে বহুতে কৰিছিল নানা অভিযোগ। সেই সন্দৰ্ভত মন্ত্ৰীজনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, “যিয়ে চুৰি কৰিব জানে, তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে আৰু যিয়ে চুৰি কৰিব নাজানে, তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।”

Exit mobile version