Site icon NEWS8 NE

সেনাৰ ধ্ৰুৱ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, সন্ধানহীন দুই পাইলট

নিউজ ডেস্ক। মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ কঠুৱাৰ সীমান্তৱৰ্তী ৰঞ্জিত সাগৰ নদী বান্ধত ভাৰতীয় সেনাৰ ধ্ৰুৱহেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়।

পুৱা ১০.৫০ বজাত ৰঞ্জিত সাগৰ বান্ধ হ্ৰদত সেনাৰ ধ্ৰুৱ এএলএইচ মাৰ্ক-৪ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত আছিল দুজন পাইলট।

জানিব পৰা মতে, হেলিকপ্টাৰখন মামুন কেণ্টৰ পৰা পুৱা ৮.৩০ বজাত উৰা মাৰিছিল।

অঞ্চলটোৰ ঘন অৰণ্য আৰু হ্ৰদৰ চাৰিওফালৰ এলেকাত অনুশীলন কৰি আছিল হেলিকপ্টাৰখনে। আৰু তাৰ পিছতেই ১০:৫০ বজাত হেলিকপ্টাৰখনে ভাৰসাম্য হেৰুৱাই হ্ৰদত পৰি ডুব যায়।

হেলিকপ্টাৰখনত থকা পাইলটসকলক লেফটেনেণ্ট কৰ্ণেল এ এছ ভট্ট আৰু কেপ্টেইন জয়ন্ত যোশী বুলি চিনাক্ত কৰা হৈছে।

নিৰাপত্তাজনিত কাৰণত বৰ্তমান পাঠানকোটত হাই এলাৰ্ট জাৰি কৰা হৈছে।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সেনা আৰু আৰক্ষীকো সতৰ্ক কৰি দিয়া হৈছে। স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা যায়।

বৰ্তমান হেলিকপ্টাৰখনৰ দুই পাইলটক উদ্ধাৰৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

উদ্ধাৰ অভিযানৰ সময়ত দুয়োজন পাইলটৰ জোতা আৰু হেলমেট উদ্ধাৰ কৰা হৈছে। সামৰিক বিষয়াসকলে সন্দেহ কৰে যে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে দুয়োজন পাইলট পানীত জঁপিয়াই পৰিছিল আৰু হ্ৰদৰ মাজত ডুব গৈছিল।

উদ্ধাৰকাৰী দলে ৰঞ্জিত সাগৰ বান্ধৰ বিভিন্ন স্থানত অনুসন্ধান চলাই আছে। ৰঞ্জিত সাগৰ বান্ধ কৰ্তৃপক্ষইয়ো বিজয়া জাহাজৰ জৰিয়তে অনুসন্ধান অভিযান অব্যাহত ৰাখিছে।

পাঠানকোটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰেন্দ্ৰ লাম্বাই কয় যে, তেওঁ লাভ কৰা তথ্য অনুসৰি সেনা বিষয়াসকল হেলিকপ্টাৰত আছিল। তেওঁলোকক বিচাৰি উলিওৱাৰ বাবে সেনাৰ দ্বাৰা এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে। এন ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। তেওঁ কয় যে অনুসন্ধান অভিযানৰ বাবে সাতখন সৰু মটৰ নাও আৰু দুখন ডাঙৰ মটৰ নাৱৰ ব্যৱস্থা কৰা হৈছে। হেলিকপ্টাৰৰ ধ্বংসাৱশেষ হ্ৰদৰ পৰা আঁতৰোৱা হৈছে।

Exit mobile version