NEWS8 NE

১০ দিন ভেন্টিলেচনত থাকি সুস্থ হৈ উঠিল সদ্যোজাত, ক’ভিডক কৰিলে পৰাস্ত

নিউজ ডেস্ক। সমগ্ৰ দেশত বিৰাজ কৰিছে ভয়াৱহ পৰিস্থিতি। কোৰোনাৰ দ্বিতীয় ঢৌlত ত্ৰস্তমান সমগ্ৰ দেশ।

চাৰিওফালে বিৰাজ কৰিছে যন্ত্ৰণা, মৃত্যু তথা হাহাকাৰ পৰিৱেশে। এটাৰ পিছত আনটো হৃদয়বিদাৰক তথা যন্ত্ৰণাময় দৃশ্য দেখিবলৈ পোৱা গৈছে নিতৌ।

কিন্তু তাৰ মাজতেই আহিছে এক ভাল খবৰ। দেখিবলৈ পোৱা গৈছে এক আশাৰ ৰেঙনি।

এই আশাৰ ৰেঙনি আনিছে উৰিষ্যাৰ এটি সদ্যোজাত শিশুৱে, যিয়ে জন্ম হৈ ১৫ দিনতে আক্ৰান্ত হৈছিল কোৰোনাত আৰু ১০ দিন ভেণ্টিলেচনত থাকি সুস্থ হৈ উঠিল জন্মৰ এমাহো সম্পূৰ্ণ নোহোৱা নৱজাতকটি।

জানিব পৰা মতে, জন্মৰ ১৫ দিনৰ মূৰত কোৰোনাত আক্ৰান্ত হয় নৱজাতক শিশুটি। শিশুটিৰ পিতৃ-মাতৃ ক্ৰমে অংকিত আগৰৱাল আৰু প্ৰীতি আগৰৱাল। তেওঁলোকৰ ঘৰ ছত্তীশগড়ৰ ৰায়পুৰত।

শিশুটি ভুগিছিল অত্যন্ত জ্বৰ আৰু শ্বাস কষ্টত। লাহে লাহে শিশুটিৰ অৱস্থা অধিক অৱনতি ঘটে। উপায়ন্তৰ হৈ শিশুটিক পিতৃ-মাতৃয়ে ছত্তীশগড়ৰ পৰা লৈ আহে উৰিষ্যালৈ। শিশুটিৰ দেহত ধৰা পৰে কভিড পজিতিভ।

লগে লগে শিশুটিক ভৰ্তি কৰোৱা হয় জগন্নাথ চিকিৎসালয়ত। কিন্তু নৱজাতক শিশুটিক কোৰোনা চিকিৎসাৰ বাবে কি চিকিৎসা কৰা হ’ব সেই লৈ চিন্তাত পৰে চিকিৎসক। সেই সন্দৰ্ভত কোনো ধাৰণা নাছিল চিকিৎসকৰ।

বাধ্য হৈ চিকিৎসকে ৰেমদেচিবিৰ বেজী আৰু এণ্টি বায়’টিক ঔষধ দিয়ে শিশুটিক। ভেণ্টিলেচনত ৰখা হয় শিশুটিক। তেনেদৰেই চিকিৎসকে চিকিৎসা চলাই যায় শিশুটিক আৰু অৱশেষত হাঁহি বিৰিঙি উঠিল পিতৃ-মাতৃৰ মুখত। সম্পূৰ্ণ ১০ দিন অবিৰত চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে নৱজাতকটি।

সেই চিকিৎসালয়খনৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ অৰিজিত মহাপাত্ৰই কয়, “গোটেই বিষয়টো আছিল সদ্যোজাত শিশুটিৰ জীৱন আৰু মৰণৰ। কিন্তু ঔষধ প্ৰয়োগৰ পিছত শিশুটি সুস্থ হৈ উঠে। ই মোৰ জীৱনৰ বিশেষ অভিজ্ঞতা হৈ থাকিব।”

Exit mobile version