108 এম্বুলেঞ্চৰ চালক হিচাপে নিযুক্তি মহিলাক, দেশৰেই প্ৰথম বুলি দাবী

108 এম্বুলেঞ্চৰ চালক হিচাপে নিযুক্তি মহিলাক, দেশৰেই প্ৰথম বুলি দাবী

September 3, 2020 0 By NEWS DESK

পুৰুষতকৈ কােনাে ক্ষেত্ৰতেই পিছ পৰি ৰােৱা নাই দেশৰ নাৰী শক্তি!

পূৰ্বতে কেৱল পুৰুষৰেই প্ৰাধান্য থকা স্থানসমূহতো সম্প্ৰতি নিজৰ দক্ষতাৰে সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে মহিলাসকল।

ইমানদিনে ‘পুৰুষৰ বৃত্তি’ বুলি পৰিচিত হৈ অহা বহু পেছা গ্ৰহণ কৰি সফলতা আৰ্জিছে মহিলাই।

তামিলনাডুৰ এনে এগৰাকী মহিলা সম্প্ৰতি সংবাদ শিৰোনামলৈ আহিছে।

মহিলাগৰাকীৰ নাম বীৰ লক্ষ্মী।

তামিলনাডুৰ বাসিন্দা বীৰ লক্ষ্মী হৈছে দেশৰ প্ৰথমগৰাকী মহিলা এম্বুলেঞ্চচালক।

তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ৰাজ্যখনত জৰুৰীকালীন সেৱা সুদৃঢ় কৰাৰ বাবে ১১৮ খন এম্বুলেঞ্চ চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছিল।

এই ১১৮ খন এম্বুলেঞ্চৰ ভিতৰত এখন এম্বুলেঞ্চৰ চালক হিচাপে বীৰ লক্ষ্মীয়ে নিযুক্তি লাভ কৰিছে।

৩০ বছৰীয়া বীৰ লক্ষ্মীৰ দুটা সন্তান আছে।

মহিলাগৰাকীয়ে জনোৱা মতে প্ৰথমতে তেওঁ কেবচালক আছিল।

স্বাস্থ্য বিভাগত এম্বুলেঞ্চচালকৰ পদ খালী হোৱাত আবেদন জনাইছিল বীৰ লক্ষ্মীয়ে।

বীৰ লক্ষ্মীয়ে নিযুক্তি লাভ কৰিব বুলি নিশ্চিত আছিল যদিও কেতিয়াও ভবা নাছিলো যে দেশৰ ভিতৰতে মই প্ৰথমগৰাকী মহিলা এম্বুলেঞ্চচালক হিচাপে পৰিচয় লাভ কৰিব।

স্বাভাৱিকতে এই সন্মানৰ অধিকাৰী হৈ সুখী বীৰ লক্ষ্মী।

মহিলাগৰাকীয়ে কয় যে তেওঁ ক’ৰনা সংক্ৰমণক লৈ শংকিত নহয়।

অৱশ্যে সংক্ৰমণৰ পৰা বাছি থাকিবলৈ তেওঁ অহৰহ চেষ্টা চলাই বুলি জনালে।