মুছলমান যুৱকে সাজি আছে অযোধ্যাৰ ৰাম মন্দিৰৰ ২১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টা !

মুছলমান যুৱকে সাজি আছে অযোধ্যাৰ ৰাম মন্দিৰৰ ২১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টা !

August 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজনৰ পাছতে ব্যাপক তৎপৰতাৰে চলিছে ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম ।

বিশ্ব বিখ্যাত হিচাপে নিৰ্মাণ কৰিব লগা ৰাম মন্দিৰত স্থাপন কৰা হ’ব ২১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টা ।

উক্ত ঘণ্টাটোৰ শব্দ শুনা যাব প্ৰায় ১৫ কিলোমিটাৰ আঁতৰত পৰা ।

Tax can be saved by giving donation in the name of Ram Mandir ...

ঘণ্টাটো সাজি উলিওৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে উত্তৰ প্ৰদেশৰ জলেশ্বৰ নিবাসী দাউ দয়াল নামৰক লোক জনৰ ওপৰত ।

বিগত ৩০ বছৰ ধৰি এনে কাৰ্যৰ সৈতে জৰিত হৈ থকা দাউ দয়াল নামৰক ।

কিন্তু এই ৰাম মন্দিৰৰ ঘণ্টা প্ৰস্তুতৰ কামত সহায় কৰিব ইকবাল মিস্ত্ৰী নামৰ মুছলমান কাৰিকৰ জনৰ লগতে আন ভালে কেইগৰাকী মুছলমান লোকে ।

This is how Ram temple in Ayodhya will look like after completion ...

উত্তৰ প্ৰদেশৰ ইটৱাৰ বিকাশ মিট্টাল নামৰ লোক জনৰ প্ৰতিষ্ঠানে নিৰ্মাণৰ কাম লাভ কৰা ঘণ্টাটো এমাহৰ ভিতৰত সাজু হৈ উঠিব ।

উল্লেখ্য যে, ঘণ্টাটো নিৰ্মাণত খৰচ পৰিব ২১ লাখ টকা । কিন্তু ঘণ্টাটো মন্দিৰলৈ দান হিচাবে আগবঢ়াব বিকাশ মিট্টালৰ প্ৰতিষ্ঠানে ।