AIUDF প্ৰমুখ বদৰুদ্দিন আজমলক কিয় ধন্যবাদ জনালে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ?

AIUDF প্ৰমুখ বদৰুদ্দিন আজমলক কিয় ধন্যবাদ জনালে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ?

October 8, 2020 0 By NEWS DESK

বকো সমষ্টিৰ ঐতিহাসিক মালিবাৰী সত্ৰত বৃহস্পতিবাৰে উপস্থিত হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা।

উপস্থিত হৈয়েই কেতবোৰ বিস্ফোৰক মন্তব্য কৰে সত্যৰঞ্জন বৰাই।

তেওঁ কয়- ‘AIUDF প্ৰমুখ বদৰুদ্দিন আজমললৈ ধন্যবাদ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ।’

‘ৰাজ্যত ইছলাম ধৰ্মী লোকৰ আগ্ৰাসনৰ মূলতে বদৰুদ্দিন আজমল। কিয়নো আজমলৰ সৎ সাহস আৰু মৰম, ভালপোৱা, ধৰ্মৰ প্ৰতি থকা কমিটমেণ্ট’ৰ বাবেই সম্ভৱ হৈ উঠিছে মুছলমানৰ একতা।’

লগতে কয়- ‘নিজৰ আইক বিক্ৰী কৰি, মাতৃভাষাক বিক্ৰী কৰি, দালালৰ তলত পৰি থকা এচামৰ চৰিত্ৰ উদং হৈ গৈছে তথাকথিত অসমীয়াৰ।’

আজি বদৰুদ্দিন আজমলক জনোৱা এই ধন্যবাদে তথাকথিত সেইখিনি সুবিধাবাদী, জাতীয়তাবাদী খিনি আৰু কংগ্ৰেছী ক্ষমতালোভী দালাল খিনিৰ বাবেই হিন্দুত্ববাদৰ শ্ল’গান আওঁৰাই ইছলাম ধৰ্মী সকলৰ পদলেহন কৰিবলৈ বাধ্য হৈছে।

তেনে বহু ৰাজনৈতিক, সামাজিক নেতাৰ কানত একো একোটাকৈ কানতলীয়া চৰ সোধাব লাগে বুলিও মন্তব্য কৰে সত্যৰঞ্জন বৰাই।

আখিল গগৈয়ে মিঞা সংস্কৃতিৰ জন্ম দিছে।

তেওঁ লগতে কয়- ‘যদি অসমীয়া সমাজ খনে বুজি নাপায়, তেন্তে বাদ দিয়ক জাতীয়তাবোধ-
শৰীৰৰ অংগ কাটক, মূৰত টুপি পিন্ধক আৰু তলত লুঙি পিন্ধক আৰু বাদ দিয়ক অসমীয়া মাতৃভাষা কবলৈ, আৰৱী ভাষাক স্বীকৃতি দিয়ক মাতৃভাষা হিচাপে।

বৃহস্পতিবাৰে নগৰবেৰাৰ মালিবাৰী সত্ৰত উপস্থিত হৈ জাতীয় সত্বা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰাৰ অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে নেতা গৰাকীয়ে৷

ইপিনে অসম মিঞা পৰিষদে সত্য ৰঞ্জন বৰাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই সত্ৰলৈ আদৰণি জনাই৷