AIUDF ৰ কোনোৱে নহয় মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী হব কংগ্ৰেছৰ প্ৰাৰ্থীঃ আজমল !

AIUDF ৰ কোনোৱে নহয় মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী হব কংগ্ৰেছৰ প্ৰাৰ্থীঃ আজমল !

October 8, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

কিছুদিন পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছিল যে, কিছুদিন পিছত আজমলে দিছপুৰ দখল কৰিব।

এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বদৰুদ্দিন আজমলে কয়- ‘AIUDF ৰ কোনোৱে মুখ্যমন্ত্ৰী নহয়, মুখ্যমন্ত্ৰী হব কংগ্ৰেছৰ প্ৰাৰ্থী।’

সাংসদ গৰাকীয়ে কয় যে বিজেপিয়ে সংখ্যালঘুক মুৰ্গী হিচাপে পালি আছে। সময় আহিলে কাটি খাব।

আনহাতে মাদ্ৰাছা বন্ধ সন্দৰ্ভত আজমলে কয় যে ‘মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে। যিমান প্ৰতিবাদ কৰিব লাগে কৰিম। তাৰ পিছতো মানি নলয় তেন্তে আমি অহাৰ পিছত কেবিনেটত সিদ্ধান্ত ল’ম।’