ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিব 7 লাখ অত্যাধুনিক AK-47(203) ৰাইফল

ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিব 7 লাখ অত্যাধুনিক AK-47(203) ৰাইফল

September 5, 2020 0 By NEWS DESK

দেশৰ নিৰাপত্তা বাহিনীসমূহৰ শেহতীয়া প্ৰযুক্তিৰে নিৰ্মিত অত্যাধুনিক ৰাইফল প্ৰদান কৰিব ভাৰত চৰকাৰে।

ইতিমধ্যে এনে ৰাইফল ক্ৰয় তথা উৎপাদনৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি সম্পাদন কৰিছে ভাৰত চৰকাৰে।

ৰাছিয়াৰ পৰা সাত লাখতকৈও অধিক AK-47 (203) ৰাইফল ক্ৰয় কৰিব ভাৰত চৰকাৰে।

এইসমূহ ৰাইফলৰ ১ লাখটা ৰাছিয়াৰ পৰা আমদানি কৰা হ’ব আৰু বাকী ৬ লাখ ৰাইফল উত্তৰ প্ৰদেশত আমেঠিত থকা বন্দুক প্ৰস্তুতকাৰক কাৰখানাত তৈয়াৰ কৰা হ’ব।

প্ৰকাশিত বাতৰি অনুসৰি AK-47 (203) ৰাইফলৰ পৰা প্ৰতি এক মিনিটত ৬০০ টা গুলি নিৰ্গত হয়।

ছাংহাই কৰ্প’ৰেচন অৰ্গেনাইজেচন সন্মিলনৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত এ AK-47 (203) ৰাইফল ক্ৰয়-বিক্ৰয়ক লৈ এক বুজাবুজি হৈছিল।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এক সূত্ৰ মতে, ৰাছিয়াৰ পৰা এ কে ছিৰিজৰ এই অতি অত্যাধুনিক ৰাইফল বাৰতে লাভ কৰিলে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা যথেষ্ট শক্তিশালী হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উদ্যোগত ভাৰতে ৰাছিয়াৰ স’তে AK-47 (203) ৰাইফল ক্ৰয়ৰ বাবে চুক্তি স্বক্ষৰ কৰিছিল।

ৰাছিয়াই এক লাখটা AK-47 (203) ৰাইফল ভাৰতলৈ ৰপ্তানি কৰিব আৰু বাকীসমূহ ৰাইফল ভাৰতত তৈয়াৰ কৰাৰ ক্ষেত্ৰত ৰুছ অস্ত্ৰ নিৰ্মাতা বিশেষজ্ঞই প্ৰয়োজনীয় প্ৰযুক্তি তথা সহযোগিতা আগবঢ়াব।

উল্লেখ্য যে এই ৰাইফল সাম্প্ৰতিক বিশ্বত উপলব্ধ অন্যতম অত্যাধুনিক এছাল্ট ৰাইফল হিচাপে পৰিচিত।