কি আছে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনত ?

কি আছে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনত ?

August 11, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ৬নং দফাৰ সন্দৰ্ভত মঙলবাৰে শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাই সম্বোধন কৰে এখন সংবাদমেল ।

এই সংবাদমেলত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব উপস্থিত থকাৰ লগতে উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা তথা ৬ নং দফা কমিটীৰ সদস্য নিলয় দত্ত ।

৬নং দফাৰ চূড়ান্ত প্ৰতিবেদনৰ সন্দৰ্ভত চৰকাৰৰ প্ৰতি গভীৰ অসন্তুষ্টি ব্যক্ত কৰি আছুৰ নেতৃত্বই কয়, ৫০০ সংগঠন আৰু ব্যক্তিৰ লগত আলোচনা কৰি এই চূড়ান্ত প্ৰতিবেদন তৈয়াৰ কৰা হৈছিল । ২৫ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীক দিছিল কমিটিয়ে এই প্ৰতিবেদন অৰ্পণ কৰিছিল চৰকাৰক ।

কিন্তু কি আছে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনত ?

এই লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাই এখন সংবাদমেল সম্বোধন কৰি প্ৰতিবেদনখন ৰাজহুৱা কৰে ।

প্ৰতিবেদন ৰাজহুৱা কৰি আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয়, ‘আমি প্ৰতিবেদন জমা দিলো । প্ৰতিবেদন কাৰ্যকৰী কৰাৰ প্ৰসংগত চৰৰকাৰে একো কোৱা নাই ।’

লগতে মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন গৃহমন্ত্ৰীক দিলেনে বুলিও প্ৰশ্ন কৰে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ।

‘কা আন্দোলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম বুলি কৈছিল । সদনত গৃহমন্ত্ৰীয়ে দাড়ি, কমাসহ কাৰ্যকৰী কৰিম বুলি কৈছিল । কিন্তু তাৰ বিপৰীতে এতিয়া চৰকাৰে প্ৰতিবেদনৰ পৰা দুই-এটা কথা গোপনিয়তা ৰক্ষা কৰাৰ বিপৰীতে মুকলি কৰি দিছে’- মন্তব্য সমুজ্জ্বল ভট্টাচাৰ্যৰ ।

ভট্টাচাৰ্যই কয়, ‘আমাক ৰাইজে প্ৰশ্ন কৰিছিল। চৰকাৰে ৰাজহুৱা কৰা নাই । কিন্তু তোমালোকে কি কি দিছিলা প্ৰতিবেদনত । পৰামৰ্শবোৰ ৰাইজৰ জনাৰ অধিকাৰ আছে । সেইবাবেই ৫ মাহৰ পিছত আমি আজি প্ৰতিবেদন ৰাজহুৱা কৰিছো ।’

অসমীয়াৰ সংজ্ঞা ‘১৯৫১ৰ আগত অসমত বসবাস কৰা খিলঞ্জীয়া, খিলঞ্জীয়া জনজাতি আৰু অন্যান্য খিলঞ্জীয়া সকল আৰু অসমত বাস কৰা ভাৰতীয় নাগৰিকসকলেই অসমীয়া” বুলিও প্ৰতিবেদনত উল্লেখ কৰে ।

অসমীয়াৰ মাটিৰ অধিকাৰ একমাত্ৰ খিলঞ্জীয়াৰ হাতত ৰখাৰো পৰামৰ্শ ।

ইনাৰ লাইল পাৰ্মিট দিয়াৰ দাবী আছে কমিটীৰ প্ৰতিবেদনত ।

বিদেশীক খেদিব নোৱাৰিলে বেলেগ ৰাজ্যলৈ লৈ যোৱাৰো পৰামৰ্শ ।

লেণ্ড ট্ৰিবিউনেল নিৰ্মাণৰ পৰামৰ্শ, কমিটীয়ে প্ৰতিবেদন দাখিল কৰাৰ দুবছৰৰ ভিতৰত কাৰ্যকৰী হ’ব লাগিব ।

প্ৰতিবেদনত সত্ৰ সংৰক্ষণ, ৰক্ষণাবেক্ষণৰ কথাও উল্লেখ আছে ।

উচ্চ সদনৰ বাবে ৮০ শতাংশ আসন সংৰক্ষণৰ বাবে পৰামৰ্শ ।

চৰ অঞ্চলত জৰীপ আৰু বেদখলকাৰীক উচ্ছেদ ।

বাংলাদেশৰ লগত প্ৰত্যাপৰ্ণ চুক্তি স্বাক্ষৰৰ পৰামৰ্শ ।

৪ ভাষাৰ পদ্ধতি, চৰকাৰী খণ্ডত চাকৰি ৮০ শতাংশ সংৰক্ষণ আৰু ব্যক্তিগত খণ্ডত ৭০ শতাংশ সংৰক্ষণ।

সংসদত ৮০শতাংশ আসন সংৰক্ষণ, মাটি কিনা বেচাৰ আৰু কৃষি খণ্ডৰ ভূমি অন্যান্য খণ্ডলৈ ৰূপান্তৰিত কৰিব নোৱাৰাৰ ব্যৱস্থা ।

সীমান্ত ছীল কৰাৰ পৰামৰ্শৰ লগতে ছেটেলাইটৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ।