ভাবিজী পাপৰ খাই কৰ’ণাক প্ৰতিহত কৰিবলৈ আহ্বান জনোৱা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ দেহত কৰ’ণা !

ভাবিজী পাপৰ খাই কৰ’ণাক প্ৰতিহত কৰিবলৈ আহ্বান জনোৱা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ দেহত কৰ’ণা !

August 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল ।

কেন্দ্ৰীয় মন্ত্ৰীজনে জনাই যে কৰ’ণাৰ লক্ষণ ধৰা পৰাৰ পাছত মন্ত্ৰীজনে দুবাৰকৈ কৰ’ণাৰ পৰীক্ষা কৰে। প্ৰথম ৰিপৰ্ট নিগেতিভ আহিছিল কিন্ত দ্বিতীয় ৰিপৰ্টত মন্ত্ৰীজনক পজিটিভ হিচাপে গণ্য কৰা হয় ।

 ইয়াৰ পাছতেই AIIMS ত চিকিৎসাধীন হৈ আছে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল ।

মন্ত্ৰীগৰাকীয়ে টুইটৰ জৰিয়তে জানিবলৈ দি কয় যে, তেওঁৰ স্বাস্থ্য ঠিকেই আছে ।

কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল কৰ'ণা পজিটিভ: AIIMS ত চিকিৎসাধীন - The Statement

উল্লেখ্য যে, কিছুদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে, ভাবিজী পাপৰ খাই কৰ’ণাক প্ৰতিহত কৰিবলৈ আহ্বান জনাইছিল ।

যি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে ।