৩৪ খনলৈ বৃদ্ধি পালে অসমৰ জিলা ! বজালি মহকুমাক পূৰ্ণাংগ জিলাৰ অনুমোদন…

৩৪ খনলৈ বৃদ্ধি পালে অসমৰ জিলা ! বজালি মহকুমাক পূৰ্ণাংগ জিলাৰ অনুমোদন…

August 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- সোমবাৰে খানাপাৰাত থকা অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আবেলি দুই বজাত অনুষ্ঠিত হয় সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠক ৷

এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কথা জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমাধ্যমৰ আগত জনায় ।

সেই অনুসৰি বজালী মহকুমাক পূৰ্ণাংগ জিলা হিচাপে অনুমোদন জনোৱা হয় ।

অৰ্থাৎ এতিয়াৰে পৰা ৰাজ্যত মুঠ জিলাৰ সংখ্যা ৩৪ খন ।

৩৩খনৰ পৰা ৩৪ খনলৈ বৃদ্ধি পালে অসমৰত জিলাৰ সংখ্যা ।

ইতিমধ্যে বজালীত সৃষ্টি কৰা হৈছে ৮৫ টা নতুন পদ ।

ইয়াৰ লগতে বজালি জিলাৰ বাবে নতুনকৈ ১০ জন বিষয়া নিযুক্তি দিয়া হৈছে ।

সোনোৱাল মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।