ATUM 1.0! দহ টকাত এশ কিলোমিটাৰ চলাই যাব পাৰিব এইখন বাইক, নালাগে অনুজ্ঞাপত্ৰও

September 3, 2020 0 By NEWS DESK

ভাৰতত নিতৌ ন ন প্ৰযুক্তিৰে নিৰ্মিত যান-বাহন মুকলি কৰা হৈছে।

বিশেষকৈ ইলেক্ট্ৰিক যান-বাহনৰ বজাৰলৈ লক্ষ্য কৰি বহু ষ্টাৰ্ট আপ জড়িত হৈ পৰিছে এনে কম খৰচী স্কুটী নাইবা বাইক নিৰ্মাণৰ কামত।

শেহতীয়াকৈ অটুমবাইল প্ৰাইভেট লিমিটেড নামৰ হায়দৰাবাদৰ এটা ষ্টাৰ্ট আপ সংস্থাই বজাৰত মুকলি কৰিছে নতুন প্ৰযুক্তিৰ এখন বাইক।

নতুন বাইকখনৰ নাম ATUM 1.0।

লিথিয়াম-আয়’ন বেটাৰী সংলগ্ন এই বাইকৰ বিশেষত্ব এয়াই যে সৰ্বাধিক ১০ টকা খৰচ কৰিয়েই এই বাইকেৰে ১০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব পৰা যাব।

ঘণ্টাত সৰ্বাধিক ২৫ কিলোমিটাৰ পৰ্যন্ত গতিবেগৰ এই বাইক চলোৱাৰ বাবে কোনো ড্ৰাইভিং লাইচেঞ্চৰ প্ৰয়োজন নাই।

এই বাইক সম্পূৰ্ণভাৱে বেটাৰীচালিত।

চাৰি ঘণ্টা চাৰ্জ দিয়ো এশ কিলোমিটাৰ যাব পাৰিব গৰাকীয়ে।

উল্লেখ্য যে ভাৰতৰ তেলেংগানাতে থলুৱা প্ৰযুক্তিৰেই নিৰ্মাণ কৰা হৈছে এই বাইক।

বছৰি ১৫ৰ পৰা ২৫ হেজাৰ পৰ্যন্ত বাইকৰ উৎপাদন কৰিব পৰা ক্ষমতা থকা বুলি প্ৰকাশ কৰিছে ষ্টাৰ্ট আপটােৰ এজন উদ্যােক্তাই।

ইন্টাৰনেশ্যনেল চেন্টাৰ ফ’ৰ অটােম’টিভ টেক্ন’ল’জীয়ে স্বীকৃতি প্ৰদান কৰিছে উক্ত বাইকৰ প্ৰযুক্তিক।