সুধাকণ্ঠৰ গীতৰ দৰেই ক’লে মুখ্যমন্ত্ৰীয়ে- কাৰোবাৰ বগা তেজ ওলাব নেকি? কিন্তু কিয়….

নিউজ ডেস্কঃ এটা মৃতদেহে দুটা ভাগত বিভক্ত কৰিছে অসমীয়া সমাজখনক! সামাজিক সংকীৰ্ণতাৰ বলি হৈ মৃত্যুৰ পিছতো দাহ-সংস্কাৰৰ পৰা বঞ্চিত হোৱা মঙলদৈৰ অতুল শৰ্মাৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত এতিয়া দুটা ভাগত বিভক্ত হোৱা এখন সমাজৰ মাজতে আৰম্ভ হৈছে শীতল যুদ্ধ। ইয়াৰ পিছতে মঙলদৈৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। … Read more

কিছু সময়ৰ বাবে আৰক্ষী বিষয়া হ’ল কলিয়াবৰৰ ৫ বছৰীয়া কণমানি মনদ্বীপ…

নিউজ ডেস্কঃ স্বাধীনতাৰ ৭৫ বৰ্ষপুতি উদযাপনৰ বাবে সমগ্ৰ দেশজুৰি চলিছে প্ৰস্তুতি। ইয়াৰ মাজতে কলিয়াবৰত ক্ষন্তেক সময়ৰ বাবে আৰক্ষী বিষয়া হৈ পৰিল এটি ৫ বছৰীয়া কণমানি শিশু। হাতত ৰাষ্ট্ৰীয় পতাকা লৈ আৰক্ষী বিষয়াৰ চকীত বহি কিছু আনন্দৰ মুহূৰ্ত পাৰ কৰিলে শিশুটিয়ে। ইতিমধ্যে ভাইৰেল হৈ পৰিছে শিশুটিৰ এখন ফটোও। দৰাচলতে ভৱিষ্যতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা … Read more

লোমহৰ্ষক! আদালতত চলি আছিল বিবাহ বিচ্ছেদৰ শুনানি, তাৰ মাজতে এই ঘটনা সংঘটিত কৰিলে স্বামীয়ে…

নিউজ ডেস্কঃ ঘৰুৱা হিংসাত অতীষ্ঠ হৈ সাত বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলাই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল চিত্ৰাই। এখন পাৰিবাৰিক আদালতত তেওঁৰ আবেদনৰ শুনানিও চলি আছিল। কিন্তু এই শুনানিৰ মাজতে আদলত চৌহদত পাষাণ স্বামীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ২৮ বৰ্ষীয় মহিলাগৰাকীয়ে। এই লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে কৰ্ণাটকৰ হাছান জিলাত। জিলাখনৰ হোলেনাৰসীপুৰাৰ পাৰিবাৰিক বিবাহ বিচ্ছেদৰ শুনানি চলি … Read more

সুখৰব! ACP হিমাংশু দাসলৈ ৰাষ্ট্ৰপতিৰ পদক, অসমৰ ৮ গৰাকী আৰক্ষীলৈ সাহসিকতাৰ বঁটা

নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত অসম আৰক্ষীলৈ সুখৰ খবৰ। সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসে লাভ কৰিছে ৰাষ্ট্ৰপতি মেডেল। কৰ্তব্যনিষ্ঠা আৰু জনসেৱাৰ বাবে এচিপি হিমাংশু দাসক এই সন্মান প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতিয়ে। উল্লেখ্য যে, চলিত বৰ্ষত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা অসমৰ একমাত্ৰ আৰক্ষী বিষয়া হৈছে এচিপি হিমাংশু দাস। প্ৰণিধানযোগ্য যে, ১৯৮৮ চনত অসম আৰক্ষীত যোগদান … Read more

অৱশেষত ক্ষমা খুজিলে মঙলদৈৰ গণক চুবাৰ ৰাইজে! অতুল শৰ্মাৰ দহা-সকামতো সহায়-সহযোগিতা কৰাৰ দিলে প্ৰতিশ্ৰুতি

নিউজ ডেস্কঃ অসবৰ্ণ বিবাহ কৰাৰ বাবেই ২৭ বছৰ ধৰি সমাজৰ পৰা লাঞ্চিত-বঞ্চিত হৈ অহা মঙলদৈৰ পাটালসিং পাৰাৰ গণক চুবাৰ সদ্য প্ৰয়াত অতুল শৰ্মাৰ চোতালত থিয় হৈ এতিয়া ক্ষমা খুজিবলৈ বাধ্য হ’ল গঞা ৰাইজে। নিম্ন জাতিৰ ছোৱালী বিয়া কৰোৱাৰ অপৰাধতে অতুল শৰ্মাৰ মৃত্যুৰ পিছতো তেওঁৰ সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল গাঁওবাসীয়ে। যাৰ বাবে স্বামীৰ মৃতদেহ নৈৰ পাৰত … Read more

হঠাতে অসুস্থ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, আই চি ইউত চিকিৎসাধীন

নিউজ ডেস্ক। হঠাতে অসুস্থ হৈ পৰিল বীৰ লাচিত সেনাৰ শীৰ্ষ নেতা শৃংখল চলিহা। সংগঠনটােৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীক অসুস্থতাৰ বাবে ভৰ্তি কৰােৱা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত৷ জানিব পৰা মতে, উচ্চ ৰক্তচাপজনিত কাৰণতে পুৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় চলিহাক। ইয়াৰ পিছতে চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত চলিহাক আই চি ইউত ভৰ্তি কৰে। ইতিমধ্য শৃংখল চলিহাৰ অসুস্থতাৰ সংবাদ … Read more

‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষ্যে মহাবাহুৰ বুকুত সৌন্দৰ্যৰ পয়োভৰ! ধুবুৰীত লুইতৰ বুকুত সজাই তোলা হৈছে ৭৫ খন নাও…

নিউজ ডেস্কঃ এক নান্দনিক দৃশ্যৰ পয়োভৰ ঘটিল মহাবাহুৰ বুকুত। আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে ধুবুৰী জিলা প্ৰশাসনে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সজাই তোলা ৭৫ খন নাওৱে সুৱগা চৰালে লুইতৰ। উল্লেখ্য যে, স্বাধীনতা ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে এইবাৰ সমগ্ৰ দেশ জুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱৰ। ইয়াৰ লগত সংগতি ৰাখিয়েই ধুবুৰী জিলা প্ৰশাসনে আয়োজন কৰিছে … Read more

শিক্ষা বিভাগত পুনৰ পৰিৱৰ্তন! অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক হ’ব বুৰঞ্জী বিষয়…

নিউজ ডেস্কঃ অসমৰ শিক্ষা ক্ষেত্ৰখনত আকৌ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী পাঠ্যক্ৰম বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বুৰঞ্জী পাঠ্যক্ৰম বাধ্যতামূলক কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ … Read more

মা কামাখ্যাৰ আশীষ বিচাৰি গুৱাহাটীলৈ আহিল জেকুলিন…

নিউজ ডেস্কঃ শক্তিপীঠ মা কামাখ্যা ধামত আশীষ ল’বলৈ বুধবাৰে অসমত উপস্থিত হয় বলিউডৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ। নিজৰ জন্মদিন উপলক্ষ্যে মা কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়ায় অভিনেত্ৰীগৰাকীয়ে। ইফালে প্ৰথমবাৰলৈ গুৱাহাটীত উপস্থিত হোৱা অভিনেত্ৰীগৰাকীক চাবলৈ মা কামাখ্যা ধামত বৃহস্পতিবাৰে ভিৰ কৰে তেওঁৰ অগণন অনুৰাগীয়ে। উল্লেখ্য যে, বুধবাৰে গুৱাহাটীত উপস্থিত হোৱা জেকুলিনে নিশাটো … Read more

এসময়ৰ কৃতী শিক্ষাৰ্থী পৱন বৰঠাকুৰ হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব…

নিউজ ডেস্কঃ ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে পৱন কুমাৰ বৰঠাকুৰক। বৰ্তমান অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বৰঠাকুৰক বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে। উল্লেখ্য যে, অহা ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিব মুখ্য সচিব জিষ্ণু বৰুৱাই। তাৰ পিছত একেদিনাই মুখ্য সচিবৰ কাৰ্যভাৰ গ্ৰহণ কৰিব পৱন কুমাৰ বৰঠাকুৰে। … Read more