ক’ৰনা প্ৰতিৰােধী পাপড়ৰ প্ৰচাৰ চলােৱা কেন্দ্ৰীয় মন্ত্ৰী হ’ল ক’ভিড-১৯ পজিটিভ

ক’ৰনা প্ৰতিৰােধী পাপড়ৰ প্ৰচাৰ চলােৱা কেন্দ্ৰীয় মন্ত্ৰী হ’ল ক’ভিড-১৯ পজিটিভ

August 10, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। দেশজুৰি ক’ৰনা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ সময়তে এজন দায়িত্বশীল কেন্দ্ৰীয় মন্ত্ৰী হঠাতে চৰ্চিত হৈ পৰিল ক’ৰনা প্ৰতিৰােধী পাপড়ৰ প্ৰচাৰ চলােৱাৰ বাবে।

কিছুদিন পূৰ্বে এটি বিশেষ ব্ৰেণ্ডৰ পাপড় আনুষ্ঠানিকভাৱে মুকলি কৰি এই অদ্ভূত দাবী কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীয় অৰ্জুন ৰাম মেঘৱালে।

কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

কিন্তু এই পাপড়ৰ পৰা ক’ৰনা প্ৰতিৰােধী এন্টিব’ডী সৃষ্টি নহ’ল মন্ত্ৰীজনৰ গাত!

নিজেই ক’ভিড-১৯ পজিটিভ হ’ল কেন্দ্ৰীয় মন্ত্ৰী মেঘৱাল।

এই মন্ত্ৰীজন সম্প্ৰতি নতুন দিল্লীৰ এইমছত চিকিৎসাধীন।

উল্লেখ্য যে অলপতে ‘ভাবিজী’ ব্ৰেণ্ডৰ পাপড় মুকলি কৰি তেওঁ দাবী কৰিছিল যে এই পাপড় ক’ৰনা ভাইৰাছ প্ৰতিৰােধ কৰাত সহায়কাৰী।

এজন দায়িত্বশীল মন্ত্ৰীৰ এনে অদ্ভূত দাবীক লৈ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।