প্রতিৰক্ষা মন্ত্রালয়ৰ ৱেবছাইটৰ পৰা অন্তৰ্ধান চীনা আগ্রাসনৰ তথ্য !

প্রতিৰক্ষা মন্ত্রালয়ৰ ৱেবছাইটৰ পৰা অন্তৰ্ধান চীনা আগ্রাসনৰ তথ্য !

August 7, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- প্রতিৰক্ষা মন্ত্রালয়ত সংঘটিত হৈছে এক আশ্চর্যজনক ঘটনা ।

প্রতিৰক্ষা মন্ত্রালয়ৰ ৱেবছাইটৰ পৰা অন্তৰ্ধান পূৱ লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই চলোৱা আগ্ৰাসৰ তথ্য ।

মঙলবাৰে প্রতিৰক্ষা মন্ত্রালয়ৰ ৱেবছাইটত আপলোড কৰা নথিত স্বীকাৰ কৰা হৈছিল যে, মে’ৰ আৰম্ভণিতে চীনৰ পিপলছ লিবাৰেচন আর্মীয়ে (পি এল এ) লাইন অৱ একচুৱেল কণ্ড্র’ল (এল এ চি) অতিক্রমি ভাৰতীয় ভূখণ্ডত প্রৱেশ কৰিছিল ৷

প্ৰতিৰক্ষা দপ্তৰত চীনৰ গুপ্তচৰ! ৱেব ছাইটৰ পৰাই অন্তৰ্ধান লাডাখত চীনৰ আগ্ৰাসনৰ তথ্য

নথিত লিখা হৈছিল যে, ২০২০ চনৰ ৫ মে’ৰ পৰা লাইন অৱ একচুৱেল কণ্ড্র’লত (এল এ চি), বিশেষভাৱে গালৱান উপত্যকাত চীনা আগ্রাসন বৃদ্ধি পাইছে৷ চীনা সেনাই কুগ্রাং নালা, গোগ্রা আৰু পেংগঙৰ উত্তৰ পাৰত ১৭–১৯ মে’ত আগ্রাসন চলাইছিল৷ ৱেবছাইটটোৰ নিউজ ছেকচনত ‘হোৱাটছ নিউ’ অংশত এই তথ্য আপলোড কৰিছিল৷

৬ মে’ত ভাৰতৰ  সৈতে চীনৰ সেনাই আলোচনা কৰা পিছতে ১৫ মে’ত চীনৰ সেনাই ভাৰতীয় সেনাক আক্ৰমণ কৰি ২০ জন ভাৰতীয় জোৱানৰ প্ৰাণ কাঢ়ি নিয়ে ।

কিন্তু এতিয়া হঠাতে ৱেবছাইটৰ পৰাই অন্তৰ্ধান হৈ পৰিছে সেই তথ্য ।

চীনৰ সৈতে ভাৰতে কামাণ্ডাৰ পৰ্যায়ত কৰা পাঁচ লানি আলোচনাৰ তথ্যও ৱেবছাইটত সন্নিৱিষ্ট হৈ আছিল যদিও এতিয়া আৰু এই সম্পৰ্কীয় কোনো তথ্য প্ৰতিৰক্ষা বিভাগৰ ৱেবছাইটত কোনেও বিচাৰি নাপায় ।

পূব লাডাখৰ পৰিস্থিতি এতিয়াও স্পর্শকাতৰ হৈ থকা বুলিও প্রতিৰক্ষা মন্ত্রালয়ৰ নথিত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল ৷

উল্লেখ্য যে, চৰকাৰীভাৱে চীনা আগ্রাসনৰ ঘটনা স্বীকাৰ কৰা এইখনেই আছিল প্রথম নথি৷