DRI ৰ বৃহৎ সফলতা! ৯৭ কোটিৰ নিচা জাতীয় দ্ৰৱ্য জব্দ

DRI ৰ বৃহৎ সফলতা! ৯৭ কোটিৰ নিচা জাতীয় দ্ৰৱ্য জব্দ

August 20, 2020 0 By NEWS DESK

তলাবন্ধৰ মাজতে দেশত পুনৰ বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ চােৰাং বেহা।

এই নিষিদ্ধ বেহাৰ বিৰুদ্ধে দেশৰ ৰাজহ চােৰাংচােৱা সংস্থাৰ (DRI) বৃহৎ সফলতা।

বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ ৩ সৰবৰাহকাৰীক আটক কৰে সংস্থাই।

সংস্থাটােৰ হাইদৰাবাদ শাখাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰায় ৪৭ কোটিৰ নিচাজাতীয় সামগ্ৰীৰ লগতে ৫০ কোটিৰ কেঁচামাল।

সংস্থাই ১৫ আগষ্টৰ দিনা এনে সামগ্ৰী তৈয়াৰ কৰা এক ফেক্টৰি জব্দ কৰে।

৪৭ কোটিৰ দ্ৰব্যৰ ভিতৰত আছিল ২৮.৫২ কোটিৰ ১৪২.৬ কিলো মেফেদ্রণ, ৩.১ কোটিৰ ৩১ কিলো এফেদ্রিন আৰু ১০ কিলো কেটাৰিন।

ইয়াৰোপৰি ৫০ কোটি মূল্যৰ ২৫০ কিলো কেঁচা সামগ্ৰী উদ্ধাৰ কৰে সংস্থাই।

এইসমূহ সামগ্ৰী দেশৰ বিভিন্ন ৰাজ্যলৈ চালান কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে।

উল্লেখ্য যে মেফেদ্রনখিনি হাইদৰাবাদৰ পৰা মুম্বাইলৈ এখন যাত্ৰীবাহী বাছত গৰাকী বিহীন ভাবে পঠাইছিল।

মুম্বাইত ড্ৰাগছ সংগ্ৰহ কৰা এজনক কৰায়ত্ত কৰাৰ পিছতে সংস্থাই সকলো তথ্য লাভ কৰি দ্ৰৱ্যসমূহৰ লগতে এই সামগ্ৰী প্ৰস্তুত কৰণ লেৱৰেটৰিটোও জব্দ কৰে। লগতে ভাৰত, আমেৰিকা আৰু ইউৰোপৰ প্ৰায় ৪৫ লাখ টকা জব্দ কৰে।