NEWS8 NE

ED ৰ জালত পৰিল মহিলা IAS বিষয়া, তালাচীত ওলাল নগদ ২৫ কােটি টকা! পােহৰলৈ আহিল বহু বেনামী সম্পত্তিৰ তথ্য

নিউজ ডেস্কঃ দুৰ্নীতিগ্ৰস্ত আইএএছ বিষয়াৰ বাসগৃহত ওলাল কোটি কোটি টকা। অবৈধ খনন গোচৰত ইডিয়ে শুকুৰবাৰে ঝাৰখণ্ডৰ আইএএছ বিষয়া তথা খনি আৰু ভূ-বিজ্ঞান বিভাগৰ সচিব পূজা সিংঘলৰ কেইবাস্থানতো থকা বাসগৃহত অভিযান চলায়।

ইডিয়ে পূজা সিংঘলৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট (চিএ)ৰ ৰাঁচীস্থিত ঘৰতো অভিযান চলায়।

বাতৰি অনুসৰি, এই অভিযানকালত ইডিয়ে ২৫ কোটি টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইডিয়ে ৰাঁচীৰ পালচ হাস্পতাল আৰু দেশৰ আন ২০ স্থানতো অভিযান চলায়। উল্লেখ্য যে, ৰাঁচীৰ পালচ হাস্পতালখন হৈছে পূজা সিংঘলৰ এজন নিকট আত্মীয়ৰ।

এজন যুটীয়া সঞ্চালকৰ নেতৃত্বত শুকুৰবাৰে পুৱা ৬ বজাত আৰম্ভ হোৱা অভিযান নতুন দিল্লী, মুম্বাই, জয়পুৰ, ফৰিদাবাদ, গুৰুগ্ৰাম, মুজাফ্ফৰপুৰ, ৰাঁচী আৰু অন্যান্য চহৰলৈও বিয়পি পৰে।

ইফালে, ঝাৰখণ্ড কেডাৰৰ ২০০০ বেচৰ আইএএছ বিষয়া পূজা সিংঘলৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কাৰ্যালয়ত চলোৱা অভিযানকালত ইডিয়ে নগদ ২৫ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ৰাঁচীৰ ৬টা স্থানত ইডিয়ে তালাচী চলায়। যাৰ ভিতৰত এটা হৈছে তেওঁৰ দ্বিতীয় স্বামীৰ এখন চুপাৰ স্পেচিয়েলিটি হাস্পতাল।

উল্লেখ্য যে, পূজা সিংঘলৰ প্ৰথম স্বামী ঝাৰখণ্ডৰ ১৯৯৯ বেচৰ এগৰাকী আইএএছ বিষয়া আছিল।

জানিব পৰা মতে, আইএএছ বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত গোচৰটো ঝাৰখণ্ডৰ কনিষ্ঠ অভিযন্তা ৰাম বিনোদ প্ৰসাদ সিনহাৰ বিৰুদ্ধে ২০২০ চনত প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত পঞ্জীয়ন কৰা এটা গোচৰৰ সৈতে সম্পৰ্কিত।

ৰাম বিনোদ প্ৰসাদ সিনহাক ২০২০ চনৰ ১৭ জুনত পশ্চিম বংগৰ ২৪ পৰগণা জিলাত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে সিনহাৰ বিৰুদ্ধে ঝাৰখণ্ড ভিজিলেন্স ব্যুৰোৰ দ্বাৰা দাখিল কৰা ১৬ খন এফআইআৰ আৰু অভিযোগপত্ৰৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰিছিল।

সিনহাৰ বিৰুদ্ধে ১৮.০৬ কোটি টকাৰ চৰকাৰী পুঁজি অপব্যৱহাৰ কৰাৰ অভিযোগ আছিল।

উল্লেখ্য যে, পূজা সিংঘল খুণ্টিৰ জিলা উপায়ুক্ত হিচাপে কৰ্মৰত হৈ থকা সময়ত ৰাম বিনোদ প্ৰসাদ সিনহা খুণ্টীৰ এজন কনিষ্ঠ অভিযন্তা আছিল।

গ্ৰেপ্তাৰৰ পিছত সিনহাই স্বীকাৰ কৰে যে পূজা সিংঘলে দুটা বেচৰকাৰী সংগঠন, ৱেলফেয়াৰ পইণ্ট আৰু প্ৰেৰণা নিকেতনক ৬ কোটি টকাৰ পুঁজিৰে নিজৰ অধীনলৈ আনিছিল আৰু পৰিৱেশ বিধি উলংঘা কৰি ৮৩ একৰ বনভূমিত খনিৰ লীজ প্ৰদান কৰিছিল।

চাত্ৰা, পালামু আৰু খুণ্টি জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যৰত হৈ থকা সময়ত তেওঁ এমজিএনৰেগাতো অনিয়ম সংঘটিত কৰাৰ অভিযোগ আছে।

লগতে চাওকঃ

দুৰ্নীতিগ্ৰস্ত IAS মহিলাৰ আলম লৈ সমগ্ৰ নাৰী সমাজক সাঙুৰি লোৱা লােকক প্ৰত্যুত্তৰ মহিলা IPS বিষয়াৰ

Exit mobile version