ৰাষ্ট্ৰপতি ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই হোৱাইট হাউচৰ বাহিৰত গুলীবৰ্ষণ !

ৰাষ্ট্ৰপতি ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই হোৱাইট হাউচৰ বাহিৰত গুলীবৰ্ষণ !

August 11, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- আমেৰিকাৰ হোৱাইট হাউচৰ বাহিৰত গুলীবৰ্ষণৰ ঘটনা ।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই হোৱাইট হাউচৰ বাহিৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয় ।

লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় হোৱাইট হাউচত ।

ইতিমধ্যে নিৰাপত্তাৰক্ষীৰ গুলীত আহত হৈছে গুলী কৰা দুৰ্বৃত্তগৰাকী ।

গুলীবৰ্ষণৰ সময়তে নিৰাপত্তাৰক্ষীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক সুৰক্ষিত স্থানলৈ লৈ যায় ।

US: firing outside the White House, President Donald Trump sent to ...

ট্ৰাম্পে কয়- গুলীবৰ্ষণ হৈছিল যদিও বৰ্তমান স্থিতি নিয়ন্ত্ৰিত হৈছে ।

ঘটনা সন্দৰ্ভত নিৰাপত্তাৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

অৱশ্যে এই গুলীবৰ্ষণৰ আঁৰত কোন জড়িত সেইয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ।