GMCHত অখিল গগৈৰ স্বাস্থ্যৰ বুজ লৈ কি আলোচনা কৰিলে গৌৰৱ গগৈয়ে ?

GMCHত অখিল গগৈৰ স্বাস্থ্যৰ বুজ লৈ কি আলোচনা কৰিলে গৌৰৱ গগৈয়ে ?

October 8, 2020 0 By NEWS DESK

কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ মঙ্গলবাৰে GMCHত উপস্থিত হয় গৌৰৱ গগৈ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আহ্বান মৰ্মে কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ লয় সংসদ গৌৰৱ গগৈয়ে।

প্ৰায় আধা ঘন্টা সময় কৃষক নেতা অখিল গগৈৰ সৈতে কথা পাতে সাংসদ গগৈয়ে।

গগৈয়ে কয়, ‘মোৰ পিতৃৰ পৰামৰ্শ মতেই অখিলক সাক্ষাৎ কৰিলো। ৰাজনৈতিক মতানৈক্য থাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল।’

তেওঁ লগতে কয়- অখিল গগৈৰ স্বাস্থ্য ভাল দেখিছোঁ, অখিলে কেতিয়া মুক্তি পাব তাক লৈ আমিও চিন্তাত আছো। ৰাজনৈতিক চিন্তা বেলেগ হ’লেও ব্যক্তিগতভাৱে আমি বেয়া নহয় । ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰা তেওঁক কাৰাগাৰত ৰখা হৈছে।’

ৰাজনৈতিক ষড়যন্ত্ৰ কৰি একো যুক্তি নোহোৱাকৈ অখিল গগৈক জেলত সুমুৱাই থৈছে বুলি গুৰুতৰ অভিযোগ তোলে গগৈয়ে।

ইপিনে, ৰাজনৈতিক কোনোধৰণৰ বিষয় আলোচনা হোৱা নাই বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে।