GSTৰ ক্ষতিপূৰণ কৰিবলৈ কেন্দ্ৰই ৰাজ্যৰ তৰফৰ পৰা ল’ব ১.১ লাখ কোটি টকাৰ ঋণ!

GSTৰ ক্ষতিপূৰণ কৰিবলৈ কেন্দ্ৰই ৰাজ্যৰ তৰফৰ পৰা ল’ব ১.১ লাখ কোটি টকাৰ ঋণ!

October 16, 2020 0 By NEWS DESK

GST ৰ ক্ষতিপূৰণ কৰিবলৈ কেন্দ্ৰই ল’ব ১.১ লাখ কোটি টকাৰ ঋণ।

কেন্দ্ৰীয় চৰকাৰে জি এছ টি সংগ্ৰহত যি ক্ষতি হৈছিল সেয়া দূৰ কৰিবৰ বাবে ৰাজ্যৰ তৰফৰ পৰা ১.১ লাখ কোটি টকাৰ ঋণ ল’ব বুলি বিত্ত মন্ত্ৰণালয়ে জানিবলৈ দিয়ে।

মন্ত্ৰনালয়ে জাৰি কৰা এক বিবৃতিত কয় যে জি এছ টিৰ ক্ষতি সমূহ দূৰ কৰাৰ বাবে special window  ৰ এই ঋণ লোৱা হ’ব।

বিবৃতিত কোৱা হয় যে, ঋণ লোৱা ধন খিনি ৰাজ্য সমূহক জি এছ টি ক্ষতি সমূহৰ সলনি বেংক-টু-বেংক লোনৰ সহায়ত প্ৰদান কৰা যাব।

উল্লেখ্য যে, কেন্দ্ৰ চৰকাৰৰ দ্বাৰা লবলগীয়া এই ঋণৰ ফলত Fiscal Deficitত কোনো ধৰণৰ প্ৰভাৱ নপৰিব।

এই ৰাশিক ৰাজ্যসমূহৰ পুঞ্জীগত প্ৰাপ্তিৰ ৰূপত দেখুওৱা হ’ব।

ইপিনে কেন্দ্ৰই জি এছ টিৰ ক্ষেত্ৰত যি ক্ষতি হৈছিল সেয়া পূৰণৰ বাবে দুটা বিকল্প উল্লেখ কৰিছিল।

প্ৰথমটো হ’ল ৰাজ্যক এটা special window  ৰ সুযোগ দিয়া হ’ব যাৰ অধীনত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ পৰা ঋণ লব পাৰিব। ইয়াত কম সূদত ৯৭,০০০ কোটি টকাৰ ঋণ ল’ব পাৰিব।

ইয়াৰোপৰি কেন্দ্ৰই দ্বিতীয়টে বিকল্প হ’ল special window। যাৰ অধীনত ২.৩৫ লাখ টকাৰ ঋণ ল’ব পাৰিব।