Site icon NEWS8 NE

Hit & Run! আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনে খুন্দিয়ালে দুই যুৱতীক, থিতাতে নিহত ১

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

এগৰাকী আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনে খুন্দিয়ালে পথ অতিক্ৰম কৰাৰ বাবে ৰৈ থকা দুগৰাকী যুৱতীক।

এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে এগৰাকী যুৱতীৰ থিতাতে মৃত্যু ঘটে। আনহাতে, গুৰুতৰভাৱে আহত হয় আন গৰাকী যুৱতী।

এই ঘটনাৰ স্থান পাঞ্জাৱৰ জলন্ধৰ-ফাগৱাৰা ঘাইপথ।

জানিব পৰা মতে, এজন আৰক্ষী পৰিদৰ্শকৰ গাড়ীয়ে দুগৰাকী যুৱতীক খুন্দা মৰাৰ ফলত মৃত্যু হয় দুয়োৰে।

এই ঘটনা জলন্ধৰ মহানগৰৰ ৰামা মাণ্ডি আৰক্ষী থানা এলেকাৰ ধননোৱালী গাঁৱৰ ওচৰত সংঘটিত হয়।

ঘটনা অনুসৰি, পুৱা প্ৰায় ৮.৩০ বজাত ধননোৱালীৰ দুগৰাকী যুৱতী ৰাস্তা পাৰ হোৱাৰ সময়ত এছআইৰ দ্ৰুতবেগী গাড়ীয়ে খুন্দা মাৰে।

দুৰ্ঘটনাটোত নৱজ্যোত কৌৰ নামৰ যুৱতী গৰাকীৰ ঘটনাস্থলীত মৃত্যু হয়। তেওঁৰ বন্ধু মামলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয়। তেওঁলোকে জলন্ধৰৰ এখন অটো শ্ব’ৰুমত কাম কৰিছিল আৰু ঘৰৰ পৰা কামলৈ যাবলৈ খোজকাঢ়ি ৰাজপথ পাৰ হৈছিল।

বৰ্তমান ঘটনাটোৰ চিচিটিভি ফুটেজো ভাইৰেল হৈ পৰিছে। দ্ৰুতবেগী গাড়ী চালকজনে স্পষ্টভাৱে যুৱতী দুগৰাকীক খুন্দা মাৰি পলাই যোৱা দেখা গৈছে।

ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পিছত মৃতকৰ পৰিয়ালৰ সদস্যসকলে জলন্ধৰ-ফাগৱাৰা ঘাইপথ সম্পূৰ্ণৰূপে অৱৰোধ কৰে।

তথ্য পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মৃতকৰ আত্মীয়সকলক বুজাবলৈ চেষ্টা কৰে যদিও পৰিয়ালৰ সদস্যসকলে ৰাজপথ অৱৰোধ কৰি ৰাখে।

উল্লেখ্য যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কিছু দূৰত দুৰ্ঘটনা সংঘটিত কৰা ব্ৰেজা গাড়ীখন জব্দ কৰে।

গাড়ীখনৰ নম্বৰ অনুসৰি হোচিয়াৰপুৰত পঞ্জীয়ন কৰা বুলি নিশ্চিত হয় আৰক্ষী। যিখন এজন আৰক্ষী বিষয়াৰ গাড়ী বুলি জানিব পৰা যায়।

আৰক্ষীয়ে বৰ্তমান বাহনখনৰ পঞ্জীয়ন নম্বৰৰ ওপৰত ভিত্তি কৰি বাহনখনৰ গৰাকীক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে।

Exit mobile version