NEWS8 NE

IIT Delhi ৰ চমক! ২੦ পইচাত ১ কিলােমিটাৰ চলিব পৰা ইলেক্ট্ৰিক স্কুটাৰ HOPE উদ্ভাৱন

নিউজ ডেস্ক। বৰ্তমান পেট্ৰলৰ মূল্য বৃদ্ধিয়ে ভাৰাক্ৰান্ত কৰিছে দুচকীয়া বাহনৰ চালকক। নিজৰ দুচকীয়া বাহনখন উলিয়াই নিয়াৰ আগত সকলোৱে ভাবিবলগীয়া হৈছে এবাৰ।

তাৰোপৰি দুচকীয়া বাহনৰ অত্যাধিক দামৰ বাবে এখন মটৰ চাইকেল ক্ৰয় কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ লোক। কিন্তু তেনে সময়তে আহিছে এক সুখবৰ।

বজাৰলৈ আহিছে কম দামী আৰু প্ৰতি কিলোমিটাৰ যাত্ৰাৰ বিনিময়ত মাত্ৰ ২০ পইচা খৰচ হোৱা দুচকীয়া বাহন। অৰ্থাৎ এক ইলেকট্ৰিক স্কুটাৰ।

বৰ্তমান আই আই টি দিল্লীয়ে (IIT Delhi) এই ইলেকট্ৰিক স্কুটাৰ উদ্ভাৱনেৰে চমক সৃষ্টি কৰিছে।

এই ইলেকট্ৰিক স্কুটাৰখন বেচ আকৰ্ষণীয়। স্কুটাৰখনৰ নাম দিয়া হৈছে HOPE। স্কুটাৰখন চলিবলৈ বেটাৰী চাৰ্জ দিব লাগিব। স্কুটাৰখনত সংলগ্ন কৰা আছে পেডেল। যাতে বেটাৰীৰ চাৰ্জ শেষ হলে পেডেল মাৰিয়েই স্কুটাৰখন চলাব পৰা যায়।

স্কুটাৰখনৰ পিছফালে এখন ট্ৰে’ সংযোগ কৰা কৰা আছে য’ত ব্যক্তিয়ে সামগ্ৰী কঢ়িয়াব পাৰিব। প্ৰয়োজন হলে ব্যক্তিয়ে আৰু এজন আৰোহী বহিব পৰাকৈ পিছফালে এটা ছীট সংলগ্ন কৰি লব পাৰিব। স্কুটাৰখনৰ চালকৰ ছীটৰ তলত আছে বেটাৰীটো। যিটো সকলো ঠাইতে চাৰ্জ কৰিব পৰা যাব।

বেটাৰীটোৰ ৮০% চাৰ্জ হবলৈ সময় লাগিব তিনি ঘণ্টা। এবাৰ সম্পূৰ্ণ চাৰ্জ দিলেই স্কুটাৰখন ৫০-৭৫ কিলোমিটাৰ পথ চলাব পাৰিব। এই ইলেকট্ৰিক স্কুটাৰখনৰ সৰ্বাধিক গতিবেগ হব ঘণ্টাত ২৫ কিলোমিটাৰ। সেয়েহে এইখন স্কুটাৰ চলাবলৈ অনুজ্ঞা পত্ৰৰ প্ৰয়োজন নহ’ব।

এই স্কুটাৰ খনৰ সন্দৰ্ভত Geliose Mobility ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰতিষ্ঠাতা আদিত্য তিৱাৰীয়ে কয় যে, “এই স্কুটাৰখন পৰিৱেশ অনুকূল। প্ৰদূষণ নিয়ন্ত্ৰণ আৰু জলবায়ু পৰিৱৰ্তনত কোনো প্ৰভাৱ নপৰাকৈ এইখন নিৰ্মাণ কৰা হৈছে। স্কুটাৰখনৰ প্ৰাৰম্ভিক মূল্য ৪৯,৯৯৯ টকা। এইখন ইণ্টাৰনেট সংযুক্ত স্কুটাৰ। বৰ্তমান দিল্লীত ইয়াৰ চলাচল আৰম্ভ কৰা হৈছে। দেশৰ ভিন্ন স্থানলৈ ইয়াক সোনকালেই প্ৰেৰণ কৰা হ’ব। অহা মাহত অনলাইন যোগে বুকিং আৰম্ভ হ’ব।”

লগতে চাওকঃ

ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৪ দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘােষণা ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ

ব্যতিক্ৰম! আৰক্ষী থানা গোচৰ দিবলৈ যােৱা লােকক অ’চিয়ে উপহাৰ দিয়ে গংগাজল

Exit mobile version