ভাৰতীয় হকী দলৰ অধিনায়কসহ আন ৩ গৰাকী খেলুৱৈৰ দেহত ধৰা পৰিছে কৰ’ণা !

ভাৰতীয় হকী দলৰ অধিনায়কসহ আন ৩ গৰাকী খেলুৱৈৰ দেহত ধৰা পৰিছে কৰ’ণা !

August 7, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশজুৰি অতি ভয়ংকৰ ৰূপত অব্যাহত আছে কৰ’ণাৰ সংহাৰ ।

Hockey India, SAI collaborate to conduct online coaches ...

এইবাৰ কৰ’ণাৰ আক্ৰান্ত হৈছে ভাৰতীয় হকী দল (পুৰুষ)ৰ কেবাগৰাকীও খেলুৱৈ ।

অধিনায়ক মনপ্ৰীত সিঙৰ লগতে আন ৩ গৰাকী খেলুৱৈৰ দেহত ধৰা পৰিছে কৰ’ণা ।

কৰ’ণা ধৰা পৰা আন খেলুৱৈ কেইগৰাকী হৈছে, সুৰেন্দৰ কুমাৰ, জাছকৰণ সিং আৰু বৰুণ কুমাৰ ।

বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া নেশ্যনেল কেম্পৰ পূ্ৰ্বে খেলুৱৈ কেইগৰাকীৰ দেহত কৰ’ণা ধৰা পৰাৰ কথা সদৰি কৰিছে স্টৰ্টছ অথৰিটি অৱ ইণ্ডিয়াই ।

India Men's Hockey Team, India men's hockey team wins Olympic Test ...

অধিনায়ক মনপ্ৰীত সিঙে কয়- ‘মই সাই কেম্পাছত নিজেই কোৱাৰেন্টাইন হৈ আছো । মই ভালে আছো আৰু সোনকালে সুস্থ হৈ উঠিম বুলি আশা কৰিছো ।’

Indian men's hockey team seal Olympic berth, but more questions to ...