ISLৰ অহা ছিজনৰ বাবে হায়দৰাবাদ FCৰ সৈতে চুক্তিবদ্ধ হ’ল অসমৰ হলিচৰণ নাৰ্জাৰী !

ISLৰ অহা ছিজনৰ বাবে হায়দৰাবাদ FCৰ সৈতে চুক্তিবদ্ধ হ’ল অসমৰ হলিচৰণ নাৰ্জাৰী !

August 14, 2020 0 By NEWS DESK

কেৰালা ব্লাষ্টাৰ্ছক বিদায় জনালে অসমৰ ষ্টাৰ ফুটবলাৰ হলিচৰণ নাৰ্জাৰীয়ে ।

হায়দৰাবাদ FCৰ সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ হ’ল হলিচৰণ নাৰ্জাৰীয়ে ।

ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ ISLৰ অহা ছিজনত হলিচৰণ নাৰ্জাৰীৰ দুভৰিৰ যাদু দেখিবলৈ পাব হায়দৰাবাদ এফ চিত ।

২০২১-২২ বৰ্ষলৈকে এই চুক্তিৰ ম্যাদ থাকিব ।

ISLত এই পৰ্যন্ত ৫৯খন মেচ খেলা কোকৰাঝাৰৰ হলিচৰণে ২০১০ চনতে প্ৰথমবাৰলৈ আই লীগ খেলিছিল ।

ISLৰ আৰম্ভণি গোৱা এফ চিৰ হৈ কৰি পিছত ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈও খেলিছিল নাৰ্জাৰীয়ে ।

যোৱা ছিজনত কেৰালা ব্লাষ্টাৰ্ছৰ হৈ খেলিছিল নাৰ্জাৰীয়ে ।