দশম শ্ৰেণী উত্তীৰ্ণ ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰীয়ে পুনৰ মন মেলিছে পঢ়িবলৈ ! একাদশ শ্ৰেণীত নামভৰ্তি…

দশম শ্ৰেণী উত্তীৰ্ণ ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰীয়ে পুনৰ মন মেলিছে পঢ়িবলৈ ! একাদশ শ্ৰেণীত নামভৰ্তি…

August 11, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দশম শ্ৰেণী উত্তীৰ্ণ ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰীয়ে পুনৰ মন মেলিছে পঢ়িবলৈ ।

৫৩ বছৰীয়া ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰী জগৰনাথ মাহতোৱে এইবাৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে ।

সোমবাৰে শিক্ষামন্ত্ৰী জগৰনাথ মাহতোৱে নিজৰ ডুমৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নৱাডীহৰ দেবী মাহতো স্মাৰক কনিষ্ঠ মহাবিদ্যালয়ত একাদশ শ্ৰেণীত নামভৰ্তি কৰে ।

মন্ত্ৰী মাহতোৱে কয়- ‘যেতিয়া মই ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী পদৰ বাবে শপত লৈছিল তেতিয়া কিছুমানে ঠাট্টা কৰি কৈছিল যে দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ কি উন্নতি কৰিব ?’

‘আজি সেই ঠাট্টা আৰু বিৰোধিতাৰ মই উত্তৰ দিছো । মই তেওঁলোকক ক’ব খোজো যে মোৰ সেই উৎসাহ আৰু আগ্ৰহ আছে । মই নিজৰ অধ্যয়নো সম্পূৰ্ণ কৰিম আৰু মন্ত্ৰ্যালয়ৰ কামো চাম, খেতিও কৰিম আৰু ৰাইজৰ সেৱাও কৰিম ।’-শিক্ষামন্ত্ৰী গৰাকীৰ মন্তব্য ।

উল্লেখ্য যে কৃষক পৰিয়ালৰ পৰা অহা মন্ত্ৰী জগৰনাথ মাহতোৱে দশম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত পঢ়াশুনা বাদ দিছিল ।