NEWS8 NE

LOC ৰ সমীপৱৰ্তী এলেকাত বিদ্যালয় নিৰ্মাণৰ বাবে ১ কোটি টকাৰ অনুদান অক্ষয় কুমাৰৰ

নিউজ ডেস্ক। বলিউড ষ্টাৰ অক্ষয় কুমাৰে বৃহস্পতিবাৰে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে আগবঢ়ায় ১ কোটি টকা।

এই ধনেৰে বিদ্যালয়খন নিৰ্মাণ কৰা হ’ব জম্মু কাশ্মীৰৰ বান্দীপােৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ দুৰ্গম তোলাইল গাঁৱত।

বৃহস্পতিবাৰে দুপৰীয়া অভিনেতাজন সীমান্ত সুৰক্ষা বাহিনীৰ হেলিকপ্টাৰ যোগে উপস্থিত হয় নিৰোত।

তাৰ পিছতেই তেওঁ অঞ্চলটোৰ স্থানীয় লোক আৰু নিৰাপত্তাৰক্ষী সকলৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয়।

আৰু সেই আলোচনাতে তেওঁ বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ বৰঙণি দিয়াৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে তেওঁ স্থানীয় লোক সকলৰ সৈতে নৃত্যও কৰে। যি সকলে তেওঁক লগ কৰিবলৈ আহিছিল। অৱশ্যে নিৰো গাঁৱত সেই অনুষ্ঠানৰ আয়োজন কৰিছিল বি এছ এফে।

তেওঁ সেনা, বি এছ এফ আৰু স্থানীয় লোকক তেনে এক বৰফাবৃত অঞ্চলত সাহসেৰে বাস কৰাৰ বাবে প্ৰশংসা কৰিছিল।

Exit mobile version