উত্তৰ-পূবৰ দুগৰাকী মহিলা উদ্যোক্তালৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা ২০২০ সন্মান !

উত্তৰ-পূবৰ দুগৰাকী মহিলা উদ্যোক্তালৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা ২০২০ সন্মান !

August 11, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিছে অসম তথা উত্তৰ পূবৰ দুগৰাকী মহিলা।

উত্তৰ-পূবৰ দুগৰাকী মহিলা উদ্যোক্তালৈ আগবঢ়োৱা হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা ২০২০ সন্মান ।

মায়ানগৰী মুম্বাইত প্ৰতিস্থিত অসমৰ যুতিকা মহন্ত আৰু নাগালেণ্ডৰ ৰেবেকা চাংকিজা সীমা (Mrs. Rebecca Changkija Sema)লৈ আগবঢ়োৱা হৈছে এই সন্মান ।

যুতিকা মহন্ত

সমাজৰ প্ৰতি নিঃস্বাৰ্থ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় উত্তৰ-পূবৰ দুয়োগৰাকী মহিলা উদ্যোক্তালৈ।

বিশ্ব শান্তি আৰু পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰ চতুৰ্থ আন্তৰাষ্ট্ৰীয় ৱেব কনফাৰেঞ্চত দুয়োগৰাকীলৈ এইই সন্মান আগবঢ়োৱা হয় ।

ৰেবেকা চাংকিজা সীমা

উল্লেখ্য যে, সমাজৰ প্ৰতি নিজ নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা কামৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ মুঠ ১৪ গৰাকী লোকলৈ এই মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয় ।