এবুকু পানীত নামি মথাউৰি মেৰামতিত লাগিল জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা !

এবুকু পানীত নামি মথাউৰি মেৰামতিত লাগিল জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা !

August 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- মথাউৰি মেৰামতিত হাতে-কামে লাগিল মন্ত্ৰী ভবেশ কলিতা ।

এবুকু পানীত নামি মথাউৰি মেৰামতিত লাগিল ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ।

মথাউৰি মেৰামতিত সহযোগ কৰে বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে কেইবাশতাধিক লোকে ।

ঠিকাদাৰলৈ বাট নাচাই শিশু, বৃদ্ধ সকলোৱে লগ লাগি দেওবাৰৰ দিনটোত কৰিলে মথাউৰি মেৰামতি ।

কিয়নো মথাউৰিটো চিঙি যোৱাৰ পিছত এজাক বৰষুণতে ডুব যায় ৰঙিয়াৰ কুৰিখনতকৈ অধিক গাঁও ।

সেয়েহে মন্ত্ৰী ভৱেশ কলিতাৰ লগতে সকলোৱে মিলি মথাউৰিটো মেৰামতি কৰিবলৈ চেষ্টা কৰিছে ।