দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ দেহত ধৰা পৰিছে কৰ’ণা !

দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ দেহত ধৰা পৰিছে কৰ’ণা !

August 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰী ৰূপ ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ।

আৰক্ষীৰ লগতে জনপ্ৰতিনিধিৰ দেহতো ধৰা পৰিছে কৰ’ণা ।

এইবাৰ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ।

সোমবাৰে বিজেপি বিধায়কগৰাকীৰ দেহত কৰ’ণা ধৰা পৰে ।

উল্লেখ্য যে, দেওবাৰৰ লৈকে কেবাটাও অনুষ্ঠানত অংশ লৈছিল বিধায়কগৰাকীয়ে ।

দেওবাৰে নাওশলীয়াত পথৰ আধাৰশিলা স্থাপন কৰিছিল বিধায়কগৰাকীয়ে ।

দেওবাৰে টেঙাখাতৰ এখন বিবাহ অনুষ্ঠানতো উপস্থিত আছিল বিধায়কগৰাকী ।

তাৰ পিছতে ক’ভিড পৰীক্ষা কৰাত বিধায়ক গৰাকীৰ শৰীৰত ধৰা পৰে কৰ’ণা ।

ইতিমধ্যে গোৱালাৰ পৰিয়ালৰো কোভিড টেষ্ট কৰা হৈছে ।