NCRBৰ তথ্যঃ ভাৰতত বিদেশী অপৰাধীৰ অধিকাংশই বাংলাদেশী নাগৰিক!

NCRBৰ তথ্যঃ ভাৰতত বিদেশী অপৰাধীৰ অধিকাংশই বাংলাদেশী নাগৰিক!

September 4, 2020 0 By NEWS DESK

প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ পৰা বৈধ নাইবা অবৈধ পন্থাৰে ভাৰতত প্ৰৱেশ কৰা বহু বাংলাদেশী নাগৰিক ভাৰতত জড়িত হৈ পৰিছে বেআইনী কাৰ্যকলাপত।

আনকি ভাৰতত থকা বিদেশী অপৰাধীৰ সৰ্বাধিক হৈছে বাংলাদেশী নাগৰিক।

এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ চমুকৈ এন চি আৰ বি’ৰ প্ৰতিবেদনত।

ভাৰতৰ কাৰাগাৰৰ পৰিসংখ্যা সম্পৰ্কীয় শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতত বাংলাদেশৰ ১,৪৭০ জন, নেপালৰ ২২৮ জন আৰু ম্যানমাৰৰ ১৫৫ জন অপৰাধী আছে।

দোষী সাব্যস্ত হোৱা বিদেশী লোকৰ ভিতৰত ৬৭ শতাংশই বাংলাদেশী বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে।

আনহাতে, পশ্চিমবংগৰ জেলত আছে সৰ্বাধিক সন্দেহযুক্ত বিদেশী নাগৰিক, প্ৰতিবদেনৰ তথ্য অনুসৰি ৰাজ্যখনৰ জেলত ১,৩৭৯ জন, উত্তৰ প্ৰদেশত ১৪২ জন আৰু দিল্লীৰ জেলত আছে ৯৬ জন বিদেশী অপৰাধী।

আনহাতে, বিদেশী বিচাৰাধীন নাগৰিকৰ ভিতৰত বাংলাদেশৰেই সৰ্বাধিক ১,০১৩ জন আছে ভাৰতত।

নাইজেৰিয়াৰ ৬৮৬ জন আৰু নেপালৰ ৫১৭ জন বিচাৰাধীন নাগৰিক আছে।

পশ্চিমবংগৰ জেলত আছে সৰ্বাধিক ৫১৬ জন বিদেশী বিচাৰাধীন নাগৰিক।

২০১৮ চনৰ তুলনাত ২০১৯ বৰ্ষত ভাৰতত বিদেশী কয়দীৰ সংখ্যা ৮.৫১ শতাংশ বৃদ্ধি পাইছে।