কৰ’ণাতংকৰ মাজতে চীনত পুনৰ উদ্ভৱ হৈছে আন এবিধ মাৰাত্মক ভাইৰাছ ! ৭গৰাকী লোকৰ মৃত্যু…

কৰ’ণাতংকৰ মাজতে চীনত পুনৰ উদ্ভৱ হৈছে আন এবিধ মাৰাত্মক ভাইৰাছ ! ৭গৰাকী লোকৰ মৃত্যু…

August 6, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- কৰ’ণাৰ সংহাৰৰ মাজতে চীনত পুনৰ উদ্ভৱ হৈছে আন এবিধ মাৰাত্মক ভাইৰাছৰ ।

এই নতুন ভাইৰাছৰ বাবে এইপৰ্যন্ত চীনত ৭ জনকৈ লোকৰ মৃত্যু হৈছে ।

আনহাতে ৬০ৰো অধিক ব্যক্তি আক্ৰান্ত হৈছে এই নতুন ভাইৰাছত ।

এই ভয়ংকৰ ভাইৰাছ বিধৰ নাম হৈছে SFTS ভাইৰাছ ।

এই ৰোগৰ লক্ষণ সাধাৰণ জ্বৰ আৰু পানী লগা, কিন্তু ই ভিতৰি ভিতৰি শৰীৰত তেজৰ পৰিমাণ কম কৰি দিয়ে।

কোৰোনাৰ দৰেই এই ভাইৰাছ বিধো এজনৰ পৰা আন এজনলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৈজ্ঞানিক সকলে ।

 চীনৰ পূব প্ৰান্তৰ জিয়াংশু আৰু অনহুই প্ৰান্তত বহুতো লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ।

এই ভাইৰাছ বিধ এবিধ সৰু পোকে কামোৰাৰ ফলত বিয়পি আছে বুলি জানিব পৰা গৈছে ।