NRC জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰাৰ হে দলিলঃ অভিজিৎ শৰ্মা

NRC জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰাৰ হে দলিলঃ অভিজিৎ শৰ্মা

August 31, 2020 0 By NEWS DESK

আজি NRC প্ৰকাশৰ সম্পূৰ্ণ হ’ল এটা বছৰ।

যাৰ বাবে সংবাদমেলৰ আয়োজন কৰি ক্ষোভ প্ৰকাশ কৰে APWৰ সভাপতি অভিজিৎ শৰ্মাই।

শৰ্মাই কয়- ‘NRC জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰাৰ হে দলিল।

NRC কেৱল দেখাত হে প্ৰকৃত ভাৰতীয়ৰ বাবে হৈ থাকিল। ভিতৰি ই বাংলাদেশীৰ বাবেই এক উপযুক্ত আইন হ’ল যাৰ জৰিয়তে বাংলাদেশী সকলে ভাৰতীয় হোৱাৰ বাবে প্ৰমাণ প্ৰত্ৰ লাভ কৰে।

গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰা এক সংবাদমেলত এইদৰে ক্ষোভ উজাৰে অভিজিৎ শৰ্মাই।

শৰ্মাই লগতে কয় যে, APWৱে ১০টা বছৰ নষ্ট কৰিলে NRCৰ নামত। পিছে সকলো অথলে গ’ল। হাজেলা এণ্ড কোম্পানীৰ বাবে জাতীয় দলিল বুমেৰাং হ’ল।

৮০ লাখতকৈ অধিক সন্দেহযুক্তৰ নাম সোমাইছে NRCত। কেৱল প্ৰকৃত স্থায়ী লোক সকলেই আৰম্ভণিৰ পৰা ৰিভেৰিফিকেশ্যন বিচাৰি থাকি গল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শৰ্মাই।

আনহাতে সংবাদমেলত কয়- কৰ’ণাৰ বাবে যেনেদৰে বিটিচিৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছে তেনেদৰে বিধানসভাৰ নিৰ্বাচনো পিছুৱাব লাগে।

বিদেশীৰ নামমুক্ত শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰিহে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে- অভিজিৎ শৰ্মাৰ মন্তব্য।