NTAৰ ঘোষণা- পূৰ্বৰ সময়তেই অনুষ্ঠিত হ’ব JEE আৰু  NEET পৰীক্ষা !

NTAৰ ঘোষণা- পূৰ্বৰ সময়তেই অনুষ্ঠিত হ’ব JEE আৰু NEET পৰীক্ষা !

August 26, 2020 0 By NEWS DESK

কৰ’ণাৰ সংহাৰ অব্যাহত থকাৰ মাজতে নেশ্যনেল টেষ্টিং এজেন্সী চমুকৈ NTAৰ গুৰুত্বপূৰ্ণ ঘোষণা।

পূৰ্ব নিৰ্ধাৰিত সময়তেই অনুষ্ঠিত হ’ব JEE আৰু NEET পৰীক্ষা।

মঙলবাৰে পৰীক্ষাৰ গাইডলাইন জাৰি কৰাৰ লগতে এই দুয়োটা পৰীক্ষাৰ এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে নেশ্যনেল টেষ্টিং এজেন্সীয়ে।

উল্লেখ্য যে, ১ৰ পৰা ৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব JEE আৰু পৰীক্ষা।

আনহাতে, ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব NEET পৰীক্ষা।

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি নজৰ ৰাখি এই সিদ্ধান্ত লৈছে NTAয়ে।

উল্লেখ্য যে, JEEৰ পৰীক্ষা কেন্দ্ৰ ৫৭০ৰ পৰা ৬৬০ লৈ বৃদ্ধি কৰা হৈছে।

আৰু  NEETৰ পৰীক্ষা কেন্দ্ৰ ২৫৪৬ৰ পৰা ৩৮৪৩টালৈ বৃদ্ধি কৰা হৈছে।