এইগৰাকী সাহসী অধ্যাপকৰ বাবেই পোহৰলৈ আহিছিল মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ড…

নিউজ ডেস্ক। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ উদঘাটন হৈছিল এগৰাকী সাহসী আৰু নিষ্ঠাৱান যুৱ অধ্যাপকৰ বাবে। শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কালিমা সনা একাংশ শিক্ষকৰ কুকীৰ্তিৰ বিপৰীতে চৰ্চালৈ আহিছে প্ৰশ্নকাকত ফাদিল কাণ্ডৰ ৰহস্য উদঘাটন কৰা এইগৰাকী শিক্ষকৰ নাম। নাম তেওঁৰ শচীন্দ্ৰ দলে। ধেমাজি জিলাৰ গোগামুখৰ নিৱাসী এইগৰাকী অধ্যাপকৰ বাবেই পোহৰলৈ আহিছিল মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ড। … Read more

দুঃখবৰ! প্ৰখ্যাত লেখিকা, শিক্ষাবিদ শ্ৰুতিমালা দুৱৰাৰ শেষ নিশ্বাস ত্যাগ…

নিউজ ডেস্কঃ অসমীয়াৰ লগতে ইংৰাজী ভাষাতো কেইবাখনো গ্ৰন্থ ৰচনা কৰা অসমৰ প্ৰখ্যাত লেখিকা, শিক্ষাবিদ তথা সন্দিকৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা শ্ৰুতমালা দুৱৰা আৰু নাই। সোমবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে সুলেখিকা গৰাকীয়ে। উল্লেখ্য যে, নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য আছিল শ্ৰুতিমালা দুৱৰা। এগৰাকী দ্বিভাষিক লেখিকা হিচাপে তেওঁ আছিল অতি জনপ্ৰিয়। তেওঁৰ ইংৰাজী ভাষাৰ গ্ৰন্থ সমূহৰ ভিতৰত … Read more

মৰ্মান্তিক! বলে’ৰৰ ওপৰত বাগৰি পৰিল চিমেণ্টভৰ্তি ট্ৰাক, বিদ্যালয়ৰ ফাদাৰ, হেড মিষ্ট্ৰেছসহ মৃত্যু ৬ জনৰ…

নিউজ ডেস্কঃ নিৰ্বাচনী ব্যস্ততাৰ মাজতে মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল বিদ্যালয়ৰ ফাদাৰসহ ৬ জনকৈ লোকৰ। মেঘালয়ৰ নংপুত দেওবাৰে এখন বলেৰ’ বাহনৰ ওপৰত চিমেণ্টভৰ্তি ট্ৰাক বাগৰি পৰাত থিতাতে মৃত্যুক সাৱটি লয় লোক কেইজনে। জানিব পৰা মতে, বৰমাস্থিত চেইণ্ট জ’নছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফাদাৰসহ ৬ জনকৈ লোকে গৈ থকা এএছ ২৬বি ৭৯০৮ নম্বৰৰ বলেৰ’ … Read more

মৰ্মান্তিক! চাইকেল চলাই কলেজলৈ যোৱাৰ পথতে ট্ৰেক্টৰৰ প্ৰচণ্ড খুন্দা, অকালতে মৃত্যু চিকিৎসা বিজ্ঞানৰ ছাত্ৰী পায়েলৰ…

নিউজ ডেস্কঃ দুদিন পূৰ্বে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে অতি ধুমধামেৰে পালন কৰিছিল ১৭ বছৰীয়া জন্মদিন। তাৰ পিছত শনিবাৰে চাইকেল লৈ কলেজলৈ যোৱাৰ পথতে এক কৰুণ পথ দুৰ্ঘটনাত অকাল মৃ্ত্যুক সাৱটি ল’বলগীয়া হ’ল ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখা ছোৱালীজনীয়ে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ কৰ্ণালত। চাইকেল চলাই কলেজলৈ গৈ থকা সময়তে তীব্ৰবেগী ট্ৰেক্টৰ … Read more

মৰ্মান্তিক! মেলা চাই ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাহনে মহটিয়াই লৈ গ’ল মাতৃ-কন্যাক, হাস্পতালত মৃত্যু কন্যা বৈষ্ণৱীৰ…

নিউজ ডেস্কঃ ওচৰৰ গাঁৱত আয়োজিত মেলা চাবলৈ একেলগে গৈছিল মাতৃ-কন্যাই। দিনটো মেলাত পাৰ কৰি সন্ধিয়া ঘৰলৈ ওভতাৰ পথতে সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা। পথ পাৰ হ’বলৈ লোৱাৰ সময়তে তীব্ৰবেগী বাহনে মাতৃ-কন্যাক মহটিয়াই নিয়াত গুৰুতৰভাৱে আহত হয় দুয়োগৰাকী। পিছত আহত মাতৃ-কন্যাক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে কন্যাৰ। এই হৃদয় বিদাৰক ঘটনা … Read more

শাহুৰ বিৰুদ্ধে আইনাত লিপষ্টিকেৰে অভিযোগ লিখি আত্মঘাতী সদ্য বিবাহিতা

নিউজ ডেস্ক। বন্দনা কলিতাৰ কাণ্ডই ৰাজ্যজুৰি তােলপাৰ লগাই থকাৰ সময়তে এইবাৰ পাৰিবাৰিক সংঘাতৰ বাবেই পুনৰ এগৰাকী সদ্য বিবাহিতা মহিলাৰ মৃত্যুৰ ঘটনা পােহৰলৈ আহিছে। এইবাৰ ঘটনাৰ স্থান দৰঙৰ পশ্চিমাঞ্চলৰ মালিবাৰিটাৰি। জানিব পৰা মতে, গাঁওখনৰ অৱনী নাথৰ পত্নী নিশামণি নাথৰ (২৬) নিজৰ শোৱনি কোঠাত মৃতদেহ উদ্ধাৰ কৰা হয়। সদ্য বিবাহিতা মহিলাগৰাকীৰ মৃতদেহ চিলিং ফেনত চিপ লৈ থকা … Read more

নিষ্ঠুৰ নিয়তিৰ পৰিহাস! গাড়ী মেৰামতিৰ পিছত টেষ্ট ড্ৰাইভলৈ গৈ অকাল মৃত্যু ৫ যুৱকৰ…

নিউজ ডেস্কঃ মুহূৰ্তৰ ভিতৰতে সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাই নিমিষতে নিঃশেষ কৰি পেলালে ৫ সুঠাম যুৱকৰ সপোন। নিষ্ঠুৰ নিয়তিয়ে অকালতে প্ৰাণ কাঢ়ি লৈ গ’ল যুৱক কেইজনৰ। গাড়ী মেৰামতিৰ পিছত নিশা টেষ্ট ড্ৰাইভলৈ গৈ উভতি অহাৰ পথতে সংঘটিত হ’ল সকৰুণ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ স্থান শোণিতপুৰ জিলাৰ বালিপৰাৰ মিট চাপ্লাই। জানিব পৰা মতে, গটংগাৰ নিৱাসী দ্বীপেন বৰাৰ … Read more

মহনগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক DIGP (Admn) হিচাপে বদলি…

নিউজ ডেস্কঃ ৰদবদল কৰা হৈছে অসম আৰক্ষীত। অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক (প্ৰশাসন) হিচাপে নিযুক্তি প্ৰদান পাৰ্থ সাৰথি মহন্তক। পূৰ্বে গুৱাহাটী আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত হিচাপে কৰ্তব্যৰত আছিল মহন্ত। কিন্তু সেই দায়িত্বৰ পৰা অব্যাহতি দি উপ-মহাপৰিদৰ্শ (প্ৰশাসন) হিচাপে নিযুক্ত দিয়া হৈছে পাৰ্থ সাৰথি মহন্তক। এক বিবৃতি জাৰি কৰি এই তথ্য সদৰী কৰিছে অসম চৰকাৰে। ইয়াৰ পূৰ্বে মহন্তক … Read more

শোকাবহ! মহাবিদ্যালয়ৰ সন্মুখতে দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিলে বাইক আৰোহী ২ ছাত্ৰক, এজনৰ মৃত্যু

নিউজ ডেস্কঃ ধিঙত শোকাবহ পথ দুৰ্ঘটনা। ধিং মহাবিদ্যালয়ৰ সন্মুখতে সংঘটিত দুৰ্ঘটনাত নিহত এগৰাকী ছাত্ৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন এজন ছাত্ৰ। বাইকেৰে গৈ থকা সময়ত দুই ছাত্ৰক মহাবিদ্যালয়ৰ সন্মুখতে মহটিয়াই নিলে এএছ ০২ই ৮০৩৯ নম্বৰৰ মালবাহী ট্ৰাকে। দুৰ্ঘটনাত থিতাতে নিহত ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ আশ্ৰাফুল আলমৰ। নিহত ছাত্ৰজনৰ ঘৰ ধিঙৰ ৰৌমাৰী বিলত। … Read more

বিয়া খাই ভাতৃৰ বাইকত উঠি ঘৰলৈ ওভতাৰ পথত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল সুস্মিতাৰ

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লৈ ভাতৃৰ বাইকত উঠি ঘৰলৈ যাত্ৰা কৰাৰ পথতে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল সুস্মিতা কলিতা নামৰ ২৬ বছৰীয়া যুৱতীৰ। এই দুৰ্ঘটনাৰ স্থান পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জাৰ জোনাকীপুৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে সুস্মিতাৰ ভাতৃ আশীষ কলিতা। মৃত যুৱতীগৰাকীৰ ঘৰ কামৰূপ জিলাৰ হাজোৰ টোক্ৰাদিয়াত বুলি জানিব পৰা গৈছে। … Read more