অসমত বৌদ্ধ ভিক্ষুৰ ৰূপত আত্মগােপন অবৈধ বাংলাদেশীৰ, আটক

নিউজ ডেস্ক। এইবাৰ এগৰাকী বৌদ্ধ ভিক্ষুৰ ৰূপ আৰক্ষীৰ জালত পৰিল এগৰাকী অবৈধ বাংলাদেশী। ত্ৰিপুৰা ৰাজ্যৰ ভুৱা নথিপত্ৰ তৈয়াৰ কৰি নিজকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিব খােজাৰ অভিযোগত তিনিচুকীয়াৰ কচুজানস্থিত বৌদ্ধ মঠৰ পৰা আৰক্ষীয়ে আটক কৰিলে ৰতনশ্ৰী উৰফে ৰাহুল বৰুৱা নামৰ সন্দেহজনক অবৈধ বাংলাদেশীক। বৌদ্ধ মঠটােৰ অন্যান্য ভিক্ষুৰ অভিযােগৰ ভিত্তিতে মঙলবাৰে ৰতনশ্ৰী নামৰ এইজন ছদ্মবেশী বৌদ্ধ ভিক্ষুজনক … Read more

মৰ্মান্তিক! নৈত ডুব যােৱা শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু মেনকাৰ, দুয়ােৰে মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা। নৈত গা ধুবলৈ গৈ পানীত ডুব যােৱা এটি ৯ বছৰীয়া ছােৱালীৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নিজেও মৃত্যুক আঁকােৱালি ল’লে এগৰাকী ১৪ বছৰীয়া কিশােৰীয়ে। এই শােকাৱহ ঘটনা সংঘটিত হ’ল ধেমাজী জিলাৰ মাছখােৱাৰ লাইপুলীয়া নদীত। যােৱা ৮ আগষ্টত নৈত সলিল সমাধি ঘটা দুয়ােগৰাকী শিশু- কিশােৰীৰ মৃতদেহ মংগলবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু … Read more

মৰ্মান্তিক! পথাৰত ভূঁই ৰুই ঘৰলৈ ওভতাৰ পথত বজ্রাঘাতত প্ৰাণ গ’ল ২੦ বছৰীয়া যুৱতীৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা। পথাৰত কৃষিকৰ্ম সম্পাদন কৰি ঘৰলৈ ওভতাৰ পথত বজ্ৰপাতত মৃত্যু ঘটিল এগৰাকী ২੦ বছৰীয়া যুৱতীৰ। এই শােকাৱহ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ ধনুভাঙা। জানিব পৰা মতে, ধূপধৰা থানাৰ অন্তৰ্গত ধনুভাঙাৰ মাদাং গাঁৱত পথাৰৰ পৰা ভূই ৰুই ঘৰলৈ উভতি গৈ থকা অৱস্থাত সংগীতা ৰাভা (২০) নামৰ যুৱতীগৰাকী বজ্ৰাঘাতৰ ফলত কৰুণ মৃত্যুক আঁকােৱালি লয়। … Read more

তৎপৰ প্ৰশাসন! মুকলি স্থানত বিদ্যালয়ৰ প্রাতঃসভা বন্ধৰ নিৰ্দেশ

নিউজ ডেস্ক। উৎকট গৰমৰ মাজতে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত প্ৰখৰ ৰ’দত প্ৰায় এঘন্টা সময় থিয় হৈ থকাৰ পিছত অসুস্থ হৈ গুৱাহাটী মহানগৰীৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে মহানগৰ জিলা প্ৰশাসন। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পুৱাৰ সমূহীয়া প্ৰাৰ্থনা মুকলি ঠাইত বন্ধ … Read more

গৃহৰক্ষী জোৱানলৈ সকাহ! মাহিলী ভাট্টা ২৩ হেজাৰ টকালৈ বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক। বিভিন্ন দাবীৰে দীৰ্ঘদিন ধৰি আন্দােলন অব্যাহত ৰখা ৰাজ্যৰ গৃহৰক্ষী জােৱানলৈ সুখবৰ কঢ়িয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গৃহৰক্ষী জোৱানৰ মাহিলী ভাট্টা বৃদ্ধিৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে পূৰ্বতে গৃহৰক্ষী জোৱানে ন হেজাৰ টকা মাহিলী ভাট্টা লাভ কৰি আহিছিল। কিন্তু এতিয়াৰে পৰা ৰাজ্য চৰকাৰে গৃহৰক্ষী জােৱানক ২৩ হেজাৰ টকাকৈ মাহিলী ভাট্টা প্ৰদানৰ নিৰ্দেশ … Read more

মৰ্মান্তিক! নাও দুর্ঘটনাত সলিল সমাধি দুই যুৱতী-মহিলাৰ, মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সংঘটিত হ’ল শােকাৱহ নাও দুৰ্ঘটনা। এইবাৰ এই নাও দুৰ্ঘটনাৰ স্থান বিশ্বনাথৰ মুখৰগড়ৰ সমীপৰ ঘিলাধাৰী নৈ। ঘিলাধাৰী নদী পাৰ হওঁতে ডুবিল ৬ যাত্ৰী কঢ়িওৱা টুলুঙা নাও। এই ঘটনাৰ পিছতে নাৱৰীয়াজনে চাৰিগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুগৰাকী যুৱতী-মহিলাৰ নৈৰ বুকুত সলিল সমাধি ঘটে। তেওঁলােকৰ নাম হৈছে জ্যোতি চাহু (২৫) আৰু … Read more

পথ নহয় যেন পুখুৰী! পথৰ ওপৰৰ গাতত গা ধুই, যোগাসান কৰিলে এগৰাকী ব্যক্তিয়ে, কাষতে থিয় হৈ চাই থাকিল বিধায়কে…

নিউজ ডেস্কঃ পথ নহয়, যেন পথাৰ! ব্যস্ত পথটোৰ ওপৰত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত। এজাক বৰষুণৰ পাছত সেই গাঁতত পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰিছে। আৰু পুখুৰী সদৃশ হৈ পৰিছেই যেতিয়া, গা টোকে তিয়াই ল’ব পৰা যায়। সেয়ে পথৰ ওপৰৰ সেই প্ৰকাণ্ড গাঁতত গা ধুবলৈ আহিল এজন ব্যক্তি। গা ধোৱাৰ পূৰ্বে পানীত নামি তেওঁ যোগাসনো … Read more

শোকাবহ! বিদ্যালয়ত এঘণ্টা ধৰি ৰ’দত থিয় হৈ থাকি অসুস্থ হৈ পৰিল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী স্নিগ্ধাশিখা, চিকিৎসালয়ত সাৱটিলে মৃত্যুক…

নিউজ ডেস্কঃ মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এক অমানৱীয় কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। বিদ্যায়খনৰ এগৰাকী ছাত্ৰীক এঘণ্টা ৰ’দত থিয় কৰাই থোৱাৰ বাবেই মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দায়বদ্ধহীনতাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে বিভিন্নজনে। জানিব পৰা মতে, মহানগৰীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী ছাত্ৰৰ … Read more

শোকাবহ! বিচনাত শুই শুই মোবাইল চাৰ্জত লগাই ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ বিচনাত শুই শুই চাৰ্জত লগাই মোবাইলত ভিডিঅ’ চাই আছিল এজন যুৱকে। কিন্তু তেনেতে বিদ্যুৎ স্পৃষ্ট হৈ প্ৰাণ হেৰুৱায় যুৱকজনে। এই শোকাবহ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ বনবালী ৰোডত। মৃত যুৱকজনক পৰিচয় প্ৰীতম নাথ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, শুই শুই মোবাইল চাৰ্জত লগাই ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ গুৰুতৰভাৱে আহত … Read more

শাহু-বোৱাৰীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি! বোৱাৰীৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহুৱেকসহ ২ মহিলাৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী…

নিউজ ডেস্কঃ শাহু-বোৱাৰীৰ মাজত সৰুসুৰা বাক-বিবাদ থাকেই। কিন্তু এই সংঘাতৰ বাবেই বোৱাৰীৰ আক্ৰমণত শাহুৱেকৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ছয়গাঁৱত। ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত এগৰাকী বোৱাৰীৰ দাৰ ঘাপত মৃত্যু ঘটে শাহুৱেকৰ লগতে আন এগৰাকী মহিলাৰ। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমানো হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে এগৰাকী যুৱতী। এই লোমহৰ্ষৰ হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে … Read more