মৰ্মান্তিক! নিশা শুই থাকোতেই বিষাক্ত সাপৰ দংশন ভাতৃ-ভগ্নীক, হাস্পতাললৈ নিয়াৰ পথত মৃত্যু

নিউজ ডেস্কঃ নিশা ভাত খাই একেলগে শুইছিল দুই কণমানি ভাতৃ-ভগ্নীয়ে। কিন্তু পুৱতি নিশা বিষাক্ত সাপে খুঁটাৰ ফলত মৃত্যুক সাৱটি ল’লে দুয়োজনে। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বুন্দী জিলাত। জানিব পৰা মতে, বুন্দী জিলাৰ গোপালপুৰা বৰাডৰ বাসিন্দা তুলসীৰাম গুৰ্জৰৰ ১৩ বছৰীয়া পুত্ৰ শিৱদয়াল গুৰ্জৰ (১৩) আৰু ১১ বছৰীয়া কন্যা মণিকা ওৰফে সোনাক্ষী গুৰ্জৰে প্ৰতিদিনৰ দৰে … Read more

আকৌ ঘোচকাণ্ড! উৎকোচ লৈ হাতে-লোটে কৰায়ত্ত হ’ল বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰ

নিউজ ডেস্কঃ এইবাৰ উৎকোচ লৈ হাতে-লোটে কৰায়ত্ত হ’ল বিশ্ববিদ্যালয়ৰ এগৰাকী পঞ্জীয়ক। ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক। ধৃত পঞ্জীয়কজনৰ নাম গুৰু প্ৰসাদ খাটনিয়াৰ। Our fight against corruption continues. Today, a team of @DIR_VAC_ASSAM caught red-handed Sri Guru Prasad Khataniar, Registrar, Bhattadev University, Pathsala, District – Bajali … Read more

শােকাৱহ! ছুটীত ঘৰলৈ গৈ দুৰ্ঘটনাত প্ৰাণ গ’ল অৰুণাচল প্ৰদেশত কৰ্মৰত সেনা জােৱানৰ

নিউজ ডেস্কঃ এমাহৰ ছুটী লৈ ঘৰলৈ আহি ভগ্নীৰ পৰা ৰাখী পিন্ধাৰ সপোন পূৰণ নহ’ল এগৰাকী সেনা জোৱানৰ! ছুটীত ঘৰলৈ অহাৰ পিছতে এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় ৫ ভগ্নীৰ ভাতৃ সেনা জোৱানগৰাকীয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভৰতপুৰত। শুকুৰবাৰে ভৰতপুৰৰ চিকসানা থানা এলেকাৰ অন্তৰ্গত দাৰাপুৰ খুড়ত এখন টেম্প’ৰ খুন্দাত প্ৰাণ হেৰুৱায় ৩৫ বৰ্ষীয় … Read more

১ কঠা ৩ লেচা মাটি নামজাৰিৰ বাবে ১੦ হাজাৰ টকা উৎকােচ লৈ ৰঙাঘৰৰ আলহী হ’ল লাটমণ্ডল হৰি প্ৰসাদ দাস

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাটি-বাৰীৰ নামজাৰিৰ লগতে ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্যান্য কাম-কাজৰ প্ৰক্ৰিয়া সৰল আৰু দুৰ্নীতিমুক্ত কৰিবলৈ বহু ব্যৱস্থা হাতত লৈছে। বিশেষকৈ মিছন বসুন্ধৰা, ভূমিপূত্ৰ ইত্যাদি আঁচনিৰ জৰিয়তে জনসাধাৰণক এনে কাম-কাজৰ ক্ষেত্ৰত সকাহ দিয়াৰ প্ৰচেষ্টা চলাইছে। কিন্তু ইয়াৰ পিছতাে অধিকাংশ ৰাজহ চক্ৰ কাৰ্যালয়তে একাংশ লাটমণ্ডলে অব্যাহত ৰাখিছে দুৰ্নীতি। একাংশ লাটমণ্ডলে প্ৰত্যক্ষভাৱে … Read more

বিশিষ্ট নৃত্য শিল্পী গৰিমা হাজৰিকাৰ দেহাৱসান

নিউজ ডেস্ক। এক দুখবৰ! অসমৰ বিশিষ্ট নৃত্য পটীয়সী গৰিমা হাজৰিকাৰ দেহাৱসান। গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত নৃত্য শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮৩ বছৰ। বাৰ্ধক্যজনিত কাৰণত বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যু ঘটে। উল্লেখ্য যে ২০০৬ চনত সন্মানীয় সংগীত-নাটক একাডেমী বঁটা লাভ কৰিছিল প্ৰয়াত গৰিমা হাজৰিকাই। সত্ৰীয় উপৰি ওডিছি নৃত্য … Read more

শােকাৱহ! বিষাক্ত সৰ্পৰ দংশনত প্ৰাণ গ’ল যুৱ সাংবাদিকৰ, শেষ শ্ৰদ্ধা জনালে অগণন লােকে…

নিউজ ডেস্ক। বিষাক্ত সৰ্পৰ দংশনৰ ফলত প্ৰাণ হেৰুৱালে এগৰাকী যুৱ সাংবাদিকে। এই সাংবাদিকগৰাকীৰ নাম অসীমজ্যােতি বৰা। মৃত্যুৰ সময়ত অসীমজ্যােতি বৰাৰ বয়স আছিল ৩৬ বছৰ। মৃত্যুৰ সময়তে সাংবাদিকগৰাকীয়ে পত্নীৰ, দুবছৰীয়া কন্যা সন্তানৰ ইহ সংসাৰত এৰি থৈ যায়। জানিব পৰা মতে, যােৱা ৩੦ জুলাই পুৱা ঘৰৰ পৰা ওলাই যােৱাৰ মুহূৰ্ততে বিষাক্ত সাপে দংশন কৰে অসীমজ্যােতি বৰাক। ইয়াৰ … Read more

চাকৰিৰ নামত ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী হ’ল স্বাস্থ্য বিভাগৰ গাণনিক অমৃত গগৈ

নিউজ ডেস্ক। সহজ ধন ঘটাৰ মানসিকতাৰ বাবে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে লৈছে অসৎ পন্থা। নিতৌ দুৰ্নীতি নিবাৰকৰ অভিযানত উৎকােচ লৈ হাতে-লােটে ধৰা পৰিছে চৰকাৰী বিষয়া-কৰ্মচাৰী। পুনৰ দুৰ্নীতিৰ আশ্ৰয় লৈ ৰঙাঘৰৰ আলহী হ’ল এজন চৰকাৰী বিষয়া। অৱশ্যে এইবাৰ কাম কৰাৰ বিনিময়ত নহয়, চৰকাৰী চাকৰিৰ দিয়াৰ বিনিময়তহে গ্ৰেপ্তাৰ হ’ল বিষয়াজন। জানিব পৰা মতে, চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ … Read more

ঘােচ লৈ পুনৰ ভিজিলেঞ্চৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত লাটমণ্ডল! নগৰবেৰাৰ পিছত এইবাৰ…

নিউজ ডেস্ক। বুধবাৰে ৰাজ্যৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ বিষয়াই লক্ষীপুৰত এগৰাকী বন বিষয়া আৰু নগৰবেৰাত এগৰাকী লাট মণ্ডলক উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ কৰাৰ পিছতে বৃহস্পতিবাৰে পুনৰ এগৰাকী লাট মণ্ডলক ঘােচ লৈ থকা অৱস্থাত হাতে-লােটে গ্ৰেপ্তাৰ কৰে। এইবাৰ ভিজিলেঞ্চৰ অভিযান চলিল চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। এগৰাকী সাধাৰণ নাগৰিকৰ পৰা কামৰ বিনিময়ত উৎকোচৰ … Read more

ভাল খবৰ! বাৰ্মিংহামত ২০০ মিটাৰ দৌৰত দুৰ্দান্ত প্ৰদৰ্শনেৰে ছেমি ফাইনেলত প্ৰৱেশ হিমা দাসৰ

নিউজ ডেস্ক। ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত দুৰ্দান্ত প্ৰদৰ্শন ধিং এক্সপ্ৰেছ হিমা দাসৰ। বৃহস্পতিবাৰে অনুষ্ঠিত ২০০ মিটাৰৰ দৌৰত শীৰ্ষ স্থানত থাকি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমা দাসে। হিমাই এই ২੦੦ মিটাৰৰ দৌৰ ২৩.৪২ ছেকেণ্ডত সম্পূৰ্ণ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। ধিং এক্সপ্ৰেছ হিমা দাসৰ পৰা অসমৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে আশা কৰিছে স্বৰ্ণ পদক। … Read more

দুঃখবৰ! জনপ্ৰিয় অভিনেতা মিথিলেশ চতুৰ্বেদীৰ বিয়োগ

মিউজ ডেস্কঃ জীৱনৰ পৰা মেলানি মাগিলে হিন্দী ছবিজগতৰ বৰ্ষীয়ান অভিনেতা মিথিলেশ চতুৰ্বাদীয়ে। মুখ্যতঃ কমেডি চৰিত্ৰৰ অভিনয় কৰি জনপ্ৰিয় হৈ পৰা জ্যেষ্ঠ অভিনেতাগৰাকীৰ বুধবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ। পৰিয়ালৰ সূত্ৰ অনুসৰি কিছুদিন পূৰ্বে প্ৰথমটো হৃদৰোগত আক্ৰান্ত হৈছিল মিথিলেশ চতুৰ্বেদী। সেই সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা … Read more