PPE কিট পৰিধান কৰি তৰুণ গগৈৰ কাষত উপস্থিত হৈ স্বাস্থ্যৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মাই !

PPE কিট পৰিধান কৰি তৰুণ গগৈৰ কাষত উপস্থিত হৈ স্বাস্থ্যৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মাই !

August 30, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

প্ৰতিদিনে সংক্ৰমণৰ সমান্তৰালকৈ বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

ইয়াৰ মাজতে কৰ’ণাত আক্ৰান্ত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

বৰ্তমান সময়ত গগৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে গগৈ ক’ৰণাত আক্ৰান্ত হোৱাৰ পিছতেই তেওঁৰ সুস্বাস্থ্য কামনা কৰি টুইট কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু সিমানেই নহয়, দেওবাৰে পি পি ই কিট পৰিধান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জি এম চি এইচত উপস্থিত হৈ গগৈৰ স্বাস্থ্যৰ বুজ লয়।