PUBGৰ অভাৱ পূৰাবলৈ অভিনেতা অক্ষয় কুমাৰৰ পৃষ্ঠপোষকতাত আহি গ’ল ‘FAU-G’ গেম !

PUBGৰ অভাৱ পূৰাবলৈ অভিনেতা অক্ষয় কুমাৰৰ পৃষ্ঠপোষকতাত আহি গ’ল ‘FAU-G’ গেম !

September 5, 2020 0 By NEWS DESK

ভাৰতত জনপ্ৰিয় PUBG গেম বন্ধ কৰাৰ পাছত বহুতৰে মনত দুখ উপজিছিল।

কিন্তু PUBG প্ৰেমীৰ সেই মনৰ দুখ আঁতৰ কৰি বলীউদৰ খিলাড়ী অক্ষয় কুমাৰে আনিলে আন এক বিকল্প।

PUBGৰ মোবাইল গেমবিধৰ বিকল্প হিচাপে চাহিদা পূৰাবলৈ এইবাৰ এক নতুন গেম চিৰিজ উদ্ভাৱন কৰিছে বলিউদ তাৰকা অক্ষয় কুমাৰে।

চীন-ভাৰত, নেপাল, ভুটান সীমান্তত যুদ্ধৰ সম্ভাৱনাক লৈ ভাৰতীয় সেনাৰ সঞ্চালন বৃদ্ধি পোৱাৰ সময়তে উদ্ভাৱন কৰিবলৈ লোৱা এই গেম বিধৰ নাম দিয়া হৈছে ‘FAU-G’।

চৰকাৰৰ আত্মনিৰ্ভৰ অভিযানৰ প্ৰতি পূৰ্ণ সমৰ্থনেৰে টুইটাৰত বলীউদৰ খিলাড়ী অক্ষয় কুমাৰে টুইটাৰযোগে FAU-G গেম অনাৰ কথা ঘোষণা কৰে।

অক্ষয় কুমাৰে ঘোষণা কৰিছে যে, এই একচন গেম নিৰ্ভীকতা আৰু ঐক্যৱদ্ধ সেনাৰ সুৰক্ষাৰ মৰণপণ প্ৰচেষ্টা প্ৰতিফলনকাৰী হ’ব।

গেমটোৰ জৰিয়তে অৱসৰ বিনোদনৰ উপৰিও খেলুৱৈ সকলে জানিব পাৰিব সৈনিক সকলৰ ত্যাগৰ কথা।

উল্লেখ্য যে, গেম বিধৰ পৰা সংগৃহীত ৰাজহৰ ২০ শতাংশ ভাৰতীয় সেনাৰ ট্ৰাষ্টত জমা হব বুলিও উল্লেখ কৰে অভিনেতাগৰাকীয়ে।