PUBG প্ৰেমীৰ বাবে সুখবৰ ! আকৌ ভাৰতলৈ আহিব পাৰে ম’বাইল গেম PUBG…

PUBG প্ৰেমীৰ বাবে সুখবৰ ! আকৌ ভাৰতলৈ আহিব পাৰে ম’বাইল গেম PUBG…

September 8, 2020 0 By NEWS DESK

PUBG প্ৰেমীৰ বাবে সুখবৰ।

আকৌ ভাৰতলৈ আহিব পাৰে জনপ্ৰিয় ম’বাইল গেম PUBG।

কিয়নো PUBG কৰপ’ৰেচনে কোৰিয়ান কোম্পানী Tencentৰ সৈতে সম্বন্ধ বিচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পাবজি কৰ্প’ৰেচনে এক অফিচিয়েল বিজ্ঞপ্তি জাৰি কৰি কোৱা হৈছে যে, ভাৰতত পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে।

লগতে কোৱা হৈছে- ভাৰতত PUBG Mobileৰ ওপৰত Tencent Gamesৰ কন্ট্র’ল নোহোৱা কৰি ইয়াৰ সকলো পাব্লিছিং দায়িত্ব পাবজি কৰ্প’ৰেচনৰ হাতলৈ আহিব।

ইয়াৰ অৰ্থ হ’ল দক্ষিণ কোৰিয়াৰ গেমিং কোম্পানীয়ে ইয়াৰ দায়িত্ব ল’ব, আৰু এয়া হ’লে শীঘ্ৰে দেশত পাবজিৰ নিষেধাজ্ঞা আঁতৰোৱা হ’ব পাৰে।

 PUBG মোবাইল মূলত দক্ষিণ কোৰিয়াৰ কোম্পানী Blueholeয়ে উন্নত কৰিছিল।

উল্লেখ্য যে ভাৰতত ১১৮টা চীনৰ এপছ নিষিদ্ধ ঘোষণাৰ এদিন পিছতে Tencentৰ বজাৰ মূল্য ৩৪ বিলিয়ন ডলাৰ নিম্নগামী হৈছিল।

PUBG মোবাইল এতিয়াৰে পৰা ভাৰতত Tencent গেমছে নিয়ন্ত্ৰণ নকৰে।