PUBG ৰ প্ৰতি থকা আসক্তিৰ বাবেই পুনৰ প্ৰাণ গ’ল কিশোৰৰ!

PUBG ৰ প্ৰতি থকা আসক্তিৰ বাবেই পুনৰ প্ৰাণ গ’ল কিশোৰৰ!

August 14, 2020 0 By NEWS DESK

বহু কিশোৰ অথবা যুৱক সকলৰ অন্যতম অনলাইন গেম Players Unknown Battle Ground চমুকৈ PUBG এ সমাজত পেলাইছে বিৰূপ প্ৰভাৱ।

এই অনলাইন খেলৰ বাবে যদি কোনোৱে মাক দেউতাকৰ সাঁচতিয়া ধন বা ককাকৰ পেঞ্চনৰ ধন একাউণ্টৰ পৰা সৰকাইছে, কোনোৱে আকৌ খাবলে পাহৰি নিজৰ জীৱন শেষ কৰিছে।

এইবাৰ এই গেমত আসক্ত হৈ নিজৰ জীৱন হেৰুৱালে অন্ধ্ৰপ্ৰদেশৰ এজন ১৬ বছৰীয়া কিশোৰে।

দেশজুৰি চলা লকডাউনৰ বাবে বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ। সেয়েহে কিশোৰ জনে অনবৰতে খেলিবলৈ ললে এই গেম।

গেমৰ বাবে বাদ দিলে খোৱা বোৱা সকলো। আনকি এটোপাল পানিয়ো গ্ৰহণ নকৰে কিশোৰ জনে।

এনেদৰে বহুদিন খেলি কিশোৰ জনে আক্ৰান্ত হল ডায়েৰিয়াত। আৰু স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাৰ বাবে চিকিৎসালয়লৈ নিয়ে যদিও সোমবাৰে মৃত্যু হয় কিশোৰ জনৰ।

উল্লেখ্য যে যোৱা জানুৱাৰীটো পুনেৰ এজন ২৫ বছৰীয়া যুৱকে PUBG ত আক্ৰান্ত হৈ এনেদৰে অনাহাৰে থাকি প্ৰাণ হেৰুৱাইছিল।

এনেধৰণৰ আচৰ্য্যজনক ঘটনা কাষৰীয়া ৰাষ্ট্ৰ পাকিস্তানত সংঘটিত হোৱাৰ ফলত পাকিস্তান চৰকাৰে নিষিদ্ধ কৰিলে দক্ষিণ কোৰিয়াত নিৰ্মিত এই অনলাইন গেমটো।